পাণ্ডুত শোকাৱহ ঘটনা:কৃত্ৰিম বানত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীত সংঘটিত হয় এক শোকাৱহ ঘটনা।মঙলবাৰে পাণ্ডু টেম্পল ঘাটত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু মহিলাৰ।কৃত্ৰিম বানপানীৰ ফলত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।উল্লেখ্য যে বিদ্যুৎপৃষ্টহৈ দুৰ্ভগীয়া মহিলা গৰাকী আহত হৈছিল যদিও চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

মঙলবাৰে নিশাৰ ভাগত সংঘটিত ঘটনাত বিদ্যুৎস্পৃষ্ট মহিলাগৰাকীৰ নাম মেহেন্দী বৰুৱা।

স্থানীয় বাসীয়ে অৱগত কৰা অনুসৰি-মঙলবাৰে বিয়লিৰে পৰা অহা বৰষুণ জাকত কৃত্ৰিম বানৰ সৃষ্টি হয় আৰু মহিলাগৰাকীৰ ঘৰত নলাৰ পানী সোমায় ।ঘৰৰ ভিতৰত থকা ইনভাৰ্টাৰত পানী সোমোৱাৰ ফলত সংঘটিত হয় এই অঘটন।

Your Comments