ৰঙিয়াৰ স্পৰ্শ হাস্পতালৰ আৱাসগৃহত ভয়াৱহ অগ্নিকাণ্ড

A


নিউজ ডেস্ক:
ৰঙিয়াৰ স্পৰ্শ হাস্পতালৰ আৱাসগৃহত সোমবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড ৷ লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যোৱাৰ লগতে হাস্পতালখনৰ ৰোগীসকলৰ বাবে প্ৰস্তুত কৰা আহাৰবোৰো বিনষ্ট হয় ।
জানিব পৰা মতে, ৰোগীসকলৰ বাবে হাস্পতালৰ কৰ্মচাৰীয়ে নিশাৰ আহাৰ বনাই থকাৰ সময়তে জুইৰ সূত্ৰপাত ঘটে । চিলিণ্ডাৰৰ বিজুতি ঘটি এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাচতে হাস্পতালখনৰ কৰ্মচাৰীসকলে জুই নুমুৱাবলৈ আপ্ৰাণ চেষ্টা কৰে ৷ কথমপি প্ৰাণ ৰক্ষা পৰে অট্টালিকাটোৰ ভিতৰত থকা লোকসকলৰ ৷ নিমিষতে জুইৰ ধোঁৱাই চাৰিওফালে ছানি ধৰাৰ পাচতে হুৱা-দুৱা লাগে স্থানীয় ৰাইজৰ মাজত ৷ ইয়াৰ পাচতে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় ৷ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷

Your Comments