আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল কিণ্টন অসুস্হ

A

নিউজ ডেস্ক:


আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতি বিল ক্লিনটন অসুস্থ।  যোৱা তিনি দিন ধৰি কেলিফ'ৰ্ণিয়াৰ এখন হাস্পাতালত চিকিৎসাধীন অৱস্হাত আছে যদিও কি ৰোগেৰ চিকিৎসা চলিছে সেই  সম্পৰ্কে  বিশদভাৱে একো জনোৱা নাই  হস্পিতাল  কৰ্তৃপক্ষই । 

উল্লেখ্য যে বিল ক্লিণ্টনৰ বৰ্তমান বয়স ৭৫। অসুস্থতাৰ  কাৰণে যোৱা মঙ্গলবাৰে দক্ষিণ কেলিফ'ৰ্ণিয়াৰ  ইৰভাইন হাস্পাতালত ভর্তি কৰোৱা হয় প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক  ।  উল্লেখ্য যে বিলৰ মুখপাত্র এঞ্জেল ইউৰেনাই বৃহস্পতিবাৰে টুইটাৰযোগে  প্রাক্তন প্রেচিডেন্ট গৰাকীৰ অসুস্থতাৰ খবৰ জনাই কয় যে "চিকিৎসকে ২৪ ঘণ্টাই তেওঁৰ শাৰীৰিক অৱস্থাৰ ওপৰত নজৰ ৰাখিছে। তেওঁক এতিয়া  উচ্চমাত্রাৰ এন্টিবায়'টিক আৰু তৰল  খাদ্য খাবলৈ  দিয়া  হৈছে  ।
যোৱা  দুদিনৰ চিকিৎসাৰ পৰা  প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ শাৰীৰিক  অবস্থাৰ সামান্য উন্নতি হোৱা বুলি জানিবলৈ  দিয়ে মুখপাত্র এঞ্জেলে।

Your Comments