আফগানিস্তান যেন ‘জংগিস্তান’ নহয়, জি২০ ত সন্ত্রাসৰ বিৰুদ্ধে একতাৰ বার্তা মোদীৰ

A

নিউজ ডেস্ক: 


আফগানিস্তান যেন ‘জংগিস্তান’লৈ পৰিণত হৈ নুঠে। মঙ্গলবাৰে জি২০ শীর্ষ সম্মিলনৰ আন্তর্জাতিক মহলত  এই কথা প্ৰকাশ কৰে   প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। অকল সেয়াই নহয় সন্ত্রাসৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ  কথাও কলে তেওঁ ।

 যোৱা মঙ্গলবাৰে জি২০ ৰ  ভার্চুৱেল বৈঠক অনুষ্ঠিত হয় । তাত আফগানিস্তানৰ বর্তমান পৰিস্থিতিৰ প্রসঙ্গত  মোদীয়ে কয় যে  “আফগানিস্তানৰ  মাটি যেন জংগিসকলৰ স্বর্গৰাজ্যত  পৰিণত নহয় । দেশখনৰ উন্নয়নত সকলোৱে একেলগে সংকল্পবদ্ধ  হৈ কাম  কৰিব লাগিব ।” আফগানবাসীৰ  বর্তমান পৰিস্থিতিৰ  বিষয়েও  আশঙ্কা প্রকাশ কৰিছে  মোদীয়ে।
গুৰুত্বপূৰ্ণ কথা এই যে ,আফগানিস্তানৰ  সৈতে ভাৰতৰ  বন্ধুত্ব দীর্ঘ দিনৰ । প্রেচিডেন্ট হামিদ কাৰজাইৰ পৰা আৰম্ভ কৰি আশ্ৰফ  গনিৰ সময়লৈকে দুই দেশৰ  মাজত সম্পর্ক আৰু মজবুত হয়। অর্থনীতি হওক বা বাণিজ্যনীতি, কূটনীতিকে আদি কৰি সকলো বিষয়তেই  দুইদেশে পৰস্পৰে পৰস্পৰক  সহযোগিতাৰ  হাত আগ বঢ়াই আহিছে  । আফগানিস্তানৰ  উন্নয়নত  যথেষ্ট কাম কৰিছে  ভাৰতে  । কিন্তু তালিবানৰ ক্ষমতাত অহাৰ  পিছৰ পৰা নতুন দিল্লীৰ সৈতে  কাবুলৰ  সম্পর্কৰ দূৰত্ব আৰম্ভ হবলৈ লৈছে ।

Your Comments