গুৱাহাটীৰ বিষ্ণুপুৰত ব্যতিক্ৰমী ৰূপত মা দুৰ্গা , অসমীয়াৰ পৰম্পৰাগত সাজ-পাৰত মা-দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ

A

 

নিউজ ডেস্ক:


গুৱাহাটী মহানগৰীত এইবাৰ অসমীয়াৰ পৰম্পৰাগত সাজ-পাৰ মেখেলা চাদৰ ,অসমীয়া গহনা পৰিধান কৰা দেৱী দুৰ্গাৰ প্ৰতিমা দেখিবলৈ পোৱা গৈছে  ।  
উল্লেখ্য যে মহানগৰীৰ বিষ্ণুপুৰৰ নিৰ্মল পাল নামৰ মৃৎ শিল্পীগৰাকীয়ে প্ৰায় দুমাহৰ ভিতৰত  অসমীয়া  সাজ -পাৰত নিৰ্মাণ কৰিছে দুৰ্গাদেৱীৰ প্ৰতিমা । প্ৰতিমাখনৰ  উচ্চতা ৯ ফুট, বহল ১৪ ফুট । মৃৎ শিল্পীগৰাকীয়ে ৪০ বছৰ ধৰি  এই শিল্পৰ লগত জড়িত হৈ আছে যদিও এইবাৰ প্ৰথমবাৰৰ বাবে অসমীয়া পৰম্পৰাগত সাজ-পাৰত নিৰ্মাণ কৰিছে দুৰ্গা দেৱীৰ প্ৰতিমা । দেৱীৰ প্ৰতিমাখনৰ  সাজপাৰ ,আ অলংকাৰ সম্পূৰ্ণ মাটিৰে নিৰ্মাণ কৰা হৈছে বুলিও মৃৎ শিল্পী গৰাকীয়ে সংবাদ মাধ্যমক জানিব দিয়ে।B

Your Comments