অনাহিতা হাচেমজাদে : নীলা চকু , টোল পৰা গাল , লক্ষাধিক অনুগামীৰে জনপ্রিয় এই সৰু ছোৱালীজনীৰ বিষয়ে জানো আহক

A

 

 


গংগোত্ৰী কাশ্যপ: 

অনাহিতা হাচেমজাদে। সামাজিক মাধ্যমৰ অত্যন্ত পৰিচিত  এখন মুখ। নীলা চকুৰ এই অকণমানি ছোৱালীজনী ইমানেই জনপ্ৰিয় যে তেওঁৰ ফটো ভিডিঅ'সমূহ সামাজিক মাধ্যমত দিয়া মাত্রকেই ভাইৰেল হয়। 
অনাহিতাৰ জন্ম হয় ২০১৬ চনৰ ১০ জানুৱাৰীত। ইৰানৰ নাগৰিক অনাহিতা।   বৰ্তমান ইৰানৰ চহৰ ইস্পাহানত পৰিয়ালৰ সতে বাস কৰে  অনাহিতাই।
অনাহিতাৰ  বয়স  বৰ্তমান পাঁচ বছৰ । তিনি বছৰ বয়সৰ পৰাই সামাজিক মাধ্যমত খুবেই জনপ্ৰিয় হৈ পৰে অনাহিতা ।  ইনষ্টাগ্রামত অনুগামীৰ  সংখ্যা প্ৰায় এক লাখ ৭৯ হাজাৰ। 
অনাহিতাৰ  ব্যক্তিগত জীৱন সম্পর্কে খুব বেছি জানিব পৰা নাযায় । অনাহিতাৰ ইনষ্টাগ্ৰাম একাউণ্টত পিতৃ মাতৃৰ ফটোও খুব বেছি দেখা পোৱা নাযায় । অনাহিতাৰ মাতৃয়ে  ইনস্টা-একাউন্টটো পৰিচালনা  কৰে বুলি গম পোৱা গৈছে ।

D
২০১৮ চনৰ জুন মাহত অনাহিতাৰ ইনষ্টাগ্রাম একাউন্ট খোলা হৈছিল। তাৰ পিছৰে পৰাই ক্রমশ জনপ্রিয়তাৰ শিখৰত উঠিবলৈ লৈছে  অনাহিতাই ।
অনাহিতাৰ ইনষ্টা-অনুগামীৰ সংখ্যাই যেতিয়া   ৭০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিছিল , তেতিয়াই  ইনস্টা-একাউন্ট হেক কৰা হৈছিল । 
অনাহিতাৰ সকলো ফটো  পেচাদাৰী ফটোগ্ৰাফাৰৰ দ্বাৰা শ্বুট কৰা হয় ।
ইনষ্টাগ্রামত অনাহিতা ‘বেবী মডেল’ ৰূপে পৰিচিত । বিভিন্ন ধৰণৰ ফেচনেবল পোচাক পৰিধান কৰি  বিভিন্ন গানত  নৃত্য কৰি অনুগামীৰ মন মুহিছে অনাহিতাই ।তাইৰ মিঠা হাঁহিয়ে মন ভৰাই তোলে লাখ লাখ অনুগামীৰ ।

C
নীলা চকু ,বাদামী  চুলি আৰু  টোলপৰা গালেৰে  অনাহিতাক বহুতেই বলিউডৰ প্রীতি জিন্টাৰ লগত তুলনা কৰে। 
লাদাখৰ  সাংসদ জেমিয়াং চেৰিং নামগিয়ালে সম্প্রতি অনাহিতাৰ  ভিডিঅ'  সামাজিক মাধ্যমত দেখি  এইদৰে লিখিছে যে " সামাজিক মাধ্যমত চকুত পৰা  সকলোতকৈ মৰমলগা ছোৱালীজনীয়ে এইজনী।"

B

Your Comments