নেপালৰ সুউচ্চ মানাচলু পৰ্বত আৰোহণ কৰি ৰেকৰ্ড গঢ়িলে শাৰীৰিকভাৱে অক্ষম ৰাছিয়াৰ যুৱক ৰুস্তম নাবিয়েভে

A

B
গংগোত্ৰী কাশ্যপ:
অদম্য সাহস আৰু প্ৰবল ইচ্ছাশক্তি থাকিলে যে শাৰীৰিক অক্ষমতাই কেতিয়াও হেঙাৰ হ'ব নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱালে ৰাছিয়াৰ এজন যুৱকে ।
নেপালৰ  মানাচলু পর্বত আৰোহণ কৰিলে ৰাছিয়াৰ যুৱক ৰুস্তম নাবিয়েভে , যিয়ে ৬ বছৰ আগতে এক দুৰ্ঘটনাত দুয়োখন ভৰি হেৰুৱাবলগীয়া হৈছিল । গুৰুত্বপূৰ্ণ কথা এই যে ৰুস্তম নাবিয়েভে অশেষ কষ্ট স্বীকাৰ কৰি, মূলতঃ দুজন বিশ্বস্ত সহযোগীৰ সৈতে এই অসাধ্য সাধন কৰিবলৈ সক্ষম হয় । কেৱল দুয়োখন হাত ব্যৱহাৰ কৰিয়ে বিশ্বৰ অষ্টম ওখ শৃঙ্গটোত আৰোহণ কৰিবলৈ সক্ষম হয় ২৮ বছৰীয়া ৰুস্তম। ইয়াৰ আগেয়েও যোৱা বছৰ ইউৰোপৰ উচ্চতম শৃঙ্গ এলব্রুচত সফলভাৱে আৰোহণ কৰিবলৈ সক্ষম হৈছিল পৰ্বতাৰোহীজন ।
উল্লেখযোগ্য যে ২০১৫ চনৰ ১২ জুলাইত এক ভয়ংকৰ দুর্ঘটনাত মৃত্যুমুখৰ পৰা কথমপি প্ৰাণৰক্ষা পৰিছিল যদিও দুৰ্ভাগ্যবশত দুয়োখন ভৰি কাটি পেলাবলগীয়া হৈছিল ৰুস্তমৰ । 

C

Your Comments