স্বৈৰাতন্ত্র, দুর্নীতি, ড্রাগছ মাফিয়াৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰি শান্তিৰ নোবেল বঁটা লাভ কৰিলে দুই সাংবাদিকে

A


গংগোত্ৰী কাশ্যপ:

সাধাৰণ জনতাৰ মতামত প্রকাশৰ স্বাধীনতা আৰু সংবাদমাধ্যমৰ পূর্ণ স্বাধীনতাৰ দাবীত আজীৱন মাত মাতি অহা দুই নিৰ্ভীক  সাংবাদিকক এইবাৰ  দিয়া হ'ল নোবেল শান্তি পুৰস্কাৰ ।  ফিলিপাইনচৰ মহিলা সাংবাদিক মাৰিয়া ৰেচা আৰু ৰাচিয়াৰ বিশিষ্ট সাংবাদিক দিমিত্রি মুৰাতভৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত কৰিছে আন্তৰ্জাতিক নোবেল কমিটিয়ে।

সাংবাদিক দুগৰাকীৰ নাম ঘোষণা কৰি নোবেল কমিটিয়ে কয় যে , ‘‘এই দুগৰাকী ব্যক্তিৰ অবাধ, নিৰপেক্ষ আৰু তথ্যনিষ্ঠ সাংবাদিকতাই সকলো সময়তে ক্ষমতাৰ অপব্যবহাৰ, দুর্নীতিকাৰী আৰু মিথ্যাচাৰীৰ  মুখা  খুলিবলৈ সক্ষম হৈছে। কোনো ধৰণৰ কুণ্ঠাবোধ নকৰাকৈ  অসীম সাহসেৰে এই দুই সাংবাদিকে  কৰি গৈছে নিজ কাম। আৰু ইয়াৰ ফলস্বৰূপে এই দুগৰাকী ব্যক্তিক সন্মান জনোৱাৰ উদ্দেশ্যে ন'বেল বঁটা প্ৰদান কৰা হৈছে "।
তাৎপৰ্যপূৰ্ণ কথা এই যে, দেশৰ বিভিন্ন চৰকাৰৰ স্বেচ্ছাচাৰিতা, স্বৈৰাতন্ত্র, ক্ষমতাৰ অপব্যৱহাৰ, মিথ্যাচাৰ, মুখাধাৰী দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰুদ্ধে মাত মতা  , হিংসা, সন্ত্রাসৰ ব্যৱহাৰৰ বিৰুদ্ধে নির্ভয়ে অকুণ্ঠচিত্তে প্রতিবাদ সাব্যস্ত কৰাৰ হেতুকে ফিলিপাইনচত যোৱা  এক দশক ধৰি জীৱন্ত কিংবদন্তিৰূপে পৰিগণিত হৈছে সাংবাদিক মাৰিয়া ৰেচা।

Your Comments