৬০ বছৰৰ পিছত আমেৰিকাক পুনৰ হৰুৱালে ৰাছিয়াই , কেনেকৈ পঢ়ি চাওক

A

গংগোত্ৰী কাশ্যপ:


 সুদীৰ্ঘ ৬০ বছৰৰ পিছত আমেৰিকাক পুনৰ হৰুৱাবলৈ  সক্ষম  হ'ল ৰাছিয়া ।
উল্লেখযোগ্য যে মঙলবাৰে ৰাছিয়াৰ দুগৰাকী অভিনেতা অভিনেত্ৰীসহ এজন ছবি  পৰিচালকে  প্রথম পূর্ণদৈর্ঘ্যৰ  চলচ্চিত্রৰ শ্বুটিঙৰ বাবে মহাকাশলৈ ৰাওনা হয় ।
ছয় দশক আগেয়েও মহাকাশত প্ৰথম মহাকাশচাৰী পঠিওৱা অভিযানত আমেৰিকাতকৈ আগতেই মহাকাশচাৰী প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিল ৰাছিয়াই। 

গুৰুত্বপূৰ্ণ কথা এই যে প্রথম পূর্ণদৈর্ঘ্যৰ  চলচ্চিত্রৰ শ্বুটিঙৰ বাবে  মঙ্গলবাৰে ৰাতি (ভাৰতীয় সময়মতে) ‘চয়ুজ এমএচ-১৯’ মহাকাশযানত ৰুছ মহাকাশচাৰী ও অভিনেতা এন্টন স্কাপলেৰভ, খ্যাতনামা ৰুছ অভিনেত্রী জুলিয়া পেৰেচলিড আৰু পৰিচালক-প্রযোজক ক্লিম চিপেঙ্কো মহাকাশলৈ ৰাওনা হয় । তেওলোকৰ সেই চলচ্চিত্রৰ নাম দিয়া হৈছে, ‘চ্যালেঞ্জ’। ভূপৃষ্ঠৰ পৰা  প্রায় ৪০০ কিলোমিটাৰ উচ্চতাত পৃথিবীক নানা কক্ষপথে প্রদক্ষিণ কৰি থকা মহাকাশ স্টেচনতেই হ'ব সেই পূর্ণদৈর্ঘ্যৰ চলচ্চিত্রৰ শ্বুটিং।

Your Comments