আমেৰিকা-ৰাছিয়াৰ চোৰাংচোৱা উপগ্ৰহয়ো ধৰা পেলাব নোৱাৰা অত্যাধুনিক প্ৰযুক্তিৰ ক্ষেপনাস্ত্ৰ নিৰ্মাণ কৰি উলিয়ালে চীনে : উদ্বিগ্ন বিশ্ব

A

 

নিউজ ডেস্ক:
ক্ষেপণাস্ত্ৰ নির্মাণৰ ক্ষেত্ৰত আগশাৰীত থকা  মহা পৰাক্রমী ৰাষ্ট্ৰ  আমেৰিকা আৰু ইউৰোপক চেৰ পেলাই  এছিয়ান ড্রেগন চীনে এইবাৰ নির্মাণ কৰি উলিয়াইছে ইলেক্ট্র’মেগনেটিক পালছ ক্ষেপণাস্ত্র৷  গুৰুত্বপূৰ্ণ কথা এই যে শব্দৰ বেগতকৈ ৬গুণ অধিক গতিসম্পন্ন এই ক্ষেপণাস্ত্রই ৩২০০ কিলোমিটাৰ দূৰত্বতো লক্ষ্য বস্তুক আঘাত কৰিবলৈ সক্ষম হ’ব৷এই ক্ষেপণাস্ত্রই কোনো চহৰত  বিস্ফোৰণ ঘটাই সমগ্ৰ  চহৰৰে যোগাযোগ তথা বিদ্যুৎ সৰবৰাহ ব্যৱস্থা বন্ধ কৰি দিব পাৰে৷ উল্লেখনীয় যে
আমেৰিকা আৰু ৰাছিয়াৰ দৰে দেশসমূহে উপগ্রহৰ জৰিয়তে মহাকাশত নজৰদাৰী ব্যৱস্থা বহুদিনৰ পৰাই বাহাল ৰাখিছে। ইয়াৰ দ্বাৰা বিশ্বৰ যিকোনো প্ৰান্তৰে ক্ষেপণাস্ত্র উৎক্ষেপণৰ তথ্য মুহূর্ততে ধৰা পেলাবলৈ সক্ষম হয় এই দেশ কেইখনে কিন্তু চীনৰ এই নতুন অত্যাধুনিক প্রযুক্তিসম্পন্ন ক্ষেপণাস্ত্রৰ গতি–বিধিক ধৰা পেলাবলৈ সক্ষম নহ’ব কোনো দেশৰ নিৰীক্ষণকাৰী উপগ্রহ৷ বেইজিং প্রশাসনে এই দাবী কৰাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ৷
লক্ষ্যস্থানত গৈ আঘাত কৰাৰ পিছতে এই ক্ষেপণাস্ত্রৰ পৰা আৰম্ভ হ’ব ৰাসায়নিক বিস্ফোৰণ আৰু তাৰ কিছু সময় পিছতে লক্ষ্যস্থানৰ বিভিন্ন যোগাযোগ তথা বিদ্যুৎ সৰবৰাহ বন্ধ কৰি দিয়াৰ ক্ষমতা আছে এই বোমাৰ । সেইবাবেই ইয়াক ‘ব্লেক আউট’ বোমাৰ নামেৰে নামাকৰণ কৰা হৈছে।



B

Your Comments