গোটেই বিশ্ব জুৰি বিকল হৈ পৰা Facebook, Whatsapp আৰু Instagram পুনৰ সক্ৰিয়

A

 


নিউজ ডেস্ক:
যোৱা নিশা ৯ বজাৰ  পৰা দীঘলীয়া সময়ৰ বাবে গোটেই বিশ্বত বন্ধ কৰি দিয়া হৈছিল  Whatsapp ,Facebook আৰু Instagram ৰ  সেৱা‌ ।  পুৱতি নিশা পুনৰ ৪ বজাত সক্ৰিয় কৰি দিয়া হৈছে চছিয়েল নেটৱৰ্কিং চাইট সমূহ । 
গুৰুত্বপূৰ্ণ কথা এই যে  দীঘলীয়া সময়ৰ বাবে তিনিটাকৈ চচিয়েল মিডিয়া প্লেটফৰ্ম বিকলৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও এই ঘটনাৰ  বাবে সমগ্ৰ বিশ্বতে  চর্চাৰ সৃষ্টি হৈছে ।এই সন্দৰ্ভত মাৰ্ক জুকাৰবাৰ্গে পুৱতি নিশা চছিয়েল মিডিয়াত মত প্ৰকাশ কৰি কয় যে " বিকল হৈ পৰা ফেচবুক ,ৱাটছএপ, ইনষ্টাগ্ৰাম পুনৰ সক্ৰিয় হৈ পৰিছে ।যোৱাৰাতিৰ ঘটনাৰ বাবে মই দুখিত ।"

Your Comments