গুৱাহাটীৰ লালমাটিত থলুৱা মাছৰ পাইকাৰী বজাৰ মুকলি

A

B

 


নিউজ ডেস্ক:

যোৱা দেওবাৰে গুৱাহাটীৰ লালমাটিত মেচাৰ্ছ বৰলুইত নামেৰে এখন থলুৱা মাছৰ পাইকাৰী বজাৰ উদ্বোধন কৰা হয় ৷গুৰুত্বপূৰ্ণ কথা এই যে গুৰু প্ৰসাদ মেধি,মনোজ কুমাৰ কলিতা, নৱ কুমাৰ বৈশ্য নামৰ  উদ্যমী অসমীয়া  লোককেইজনে হাতে-কামে বজাৰ দখল কৰাৰ মন্ত্ৰ আগত ৰাখি এই পাইকাৰী বজাৰখন মুকলি কৰে ৷উল্লেখ্য যে বিশিষ্ট নাট্যকাৰ জিতেন শৰ্মাই ফিটা কাটি এই বজাৰখন মুকলি কৰে ৷ বজাৰখনৰ লগত জড়িত থকা এজন ব্যক্তিয়ে কয় যে “এই বজাৰ খনৰ জৰিয়তে গুৱাহাটীবাসীয়ে লোকেল মাছৰ জুতি ল’ব পৰাৰ লগতে গুৱাহাটীবাসীৰ মাজত স্হানীয় মাছৰ চাহিদা বৃদ্ধি কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে ৷”

 

C

Your Comments