মহানগৰীত জব্দ বিস্ফোৰক সামগ্ৰী ভৰ্তি বাহন:২জন আটক

A

নিউজ ডেস্ক: 

মহানগৰীত জব্দ বিস্ফোৰক সামগ্ৰী ভৰ্তি বাহন।শুকুৰবাৰে পুৱা ৫:৩০বজাত গড়চুক আৰক্ষীৰ তহল দাৰী দলে লখৰাৰ পৰা বৰাগাঁও অভিমুখী এ.এছ-১৫ এ.চি-৪৮৬৭ নম্বৰ বলে'ৰ পিকআপ ভানৰ পৰা জব্দ কৰে ৪৬৬০টা জিলেটিন ষ্টিক  আৰু ২৩০০টা বৈদ্যুতিক ডিটেনেট ।১৩টা বস্তাত বিস্ফোৰক সামগ্ৰী খিনি লৈ গৈছিল।

উল্লেখ্য যে তহলদাৰী আৰক্ষীৰ দলটোৱে সন্দেহবশত 
তীব্ৰবেগী গাড়ীখন  ৰবলৈ কয় যদিও আৰক্ষীৰ  চিগনেল অমান্য কৰি তীব্ৰ বেগত পলায়নৰ চেষ্টা কৰে।আৰক্ষীৰ দলটোৱে খেদি খেদি গড়চুক চাৰি আলিত গাড়ীখন ধৰে।গাড়ীখনত তালাচি চলায় গাড়ীখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰে।

আৰক্ষীয়ে আটক কৰে ক্ৰমে অভয়াপুৰি হাছেন আলিৰ পুত্ৰ আইনল আলি(২৭)আৰু জাকিৰ হুছেইনৰ পুত্ৰ ৰহিম বদশা(২৬)ক ।

Your Comments