চৰকাৰৰ অনুমতিতহে পৰিৱেশন হ’ব সংবাদ , তালিবানৰ নতুন নিয়ম


নিউজ ডেস্ক:
আফগানিস্তানত নতুন নিয়ম বলৱৎ কৰিছে তালিবানে৷ সংবাদ মাধ্যমৰ স্বাধীনতাক খৰ্ব কৰাৰ বাবেই আফগানিস্তানৰ নতুন শাসক তালিবানে ইতিমধ্যে শাসনভাৰ নিজৰ হাতলৈ অনাৰ পাছতে ১৫০তকৈ অধিক মিডিয়া হাউচ বন্ধ কৰি দিছে বুলি জানিব পৰা গৈছে ৷


তালিবানে প্রকাশ কৰা মতে, আফগানিস্তান চৰকাৰৰ অনুমতি লৈহে সংবাদ সংস্থাসমূহে সংবাদ পৰিৱেশন কৰিব পাৰিব৷ অন্যথা এই নিয়ম ভংগ কৰিলে সংবাদ সংস্থাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ তালিবানৰ এই নতুন নিয়ম প্রচাৰ হোৱাৰ লগে লগে দেশখনত থকা সাংবাদিকসকলৰ মাজত নতুন প্ৰত্যাহ্বানে দেখা দিছে। 

উল্লেখযোগ্য যে দেশখনৰ সাংবাদিকসকলে আমেৰিকা যুক্তৰাষ্ট্রস্থিত প্রেছ ফ্রীডম অর্গেনাইজেচনলৈ ই–মেইলযোগে তেওঁলোকৰ মাজত সৃষ্টি হোৱা পৰিস্থিতি সন্দর্ভত অৱগত কৰিছে৷ প্রেছ ফ্রীডম অর্গেনাইজেচনৰ জ্যেষ্ঠ সদস্য ষ্টিভেন বাটলাৰে প্রকাশ কৰা মতে, "আফগানিস্তানত থকা সাংবাদিকসকল ভীতিগ্রস্ত হৈছে৷ তেওঁলোকে সংস্থাটোলৈ কেইবা শতাধিক ই–মেইল প্রেৰণ কৰি সহায়ৰ বাবে আহ্বান জনাইছে" ৷
গুৰুত্বপূৰ্ণ কথা এই যে তালিবানৰ বিৰুদ্ধে দেশৰ জনতাই ৰাজপথলৈ ওলাই অহা প্রতিবাদী কার্যসূচীৰ বাতৰি পৰিৱেশন কৰা সাংবাদিকক তালিবানৰ সদস্যই বাধা প্রদান কৰাৰ লগতে শাৰীৰিকভাৱে নির্যাতনো চলাই আহিছে ৷

Your Comments