চিৰিয়াখানা পথ সাৰ্বজনীন দুৰ্গা পূজাৰ নতুন পৰিচালনা সমিতি গঠন

A

 

নিউজ ডেস্ক:
বিগত ১২ ছেপ্টেম্বৰ, দেওবাৰে জু ৰোডৰ সনাতন ধৰ্ম সভাৰ  প্ৰাংগনত আগন্তুক দুৰ্গা পূজা উপলক্ষে এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। উক্ত সাধাৰণ সভাতে বিগত বৰ্ষৰ চিৰিয়াখানা পথ সাৰ্বজনীন দুৰ্গা পূজা পৰিচালনা পৰিচালনা সমিতিখন ভংগ কৰি আগন্তুক দুৰ্গাপূজা সুচাৰু ৰূপে পৰিচালনা কৰিবলৈ এখন নতুন শক্তিশালী কমিটি গঠন কৰা হয় । জুৰোড অঞ্চলৰ বিশিষ্ট ব্যক্তি তথা সনাতন ধৰ্ম সভাৰ সভাপতি নব শৰ্মাই সভাপতিত্ব কৰা উক্ত সাধাৰণ সভাখনত বিগত বৰ্ষ আৰু আগন্তুক দুৰ্গা পূজাৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা হয়।  উক্ত সভাতে আগন্তুক শ্ৰী শ্ৰী দুৰ্গা পূজাৰ লগতে শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু শ্ৰী শ্ৰী কালি পূজা পৰিচালনাৰ বাবে  নৱ শৰ্মাক সভাপতি , তপন জ্যোতি কলিতাক সাধাৰণ সম্পাদক আৰু ৰাতুল বৰুৱাক কোষাধক্ষ হিচাপে দায়িত্ব প্ৰদান কৰি এখন শক্তিশালী পৰিচালনা সমিতি গঠন কৰি দিয়ে ৷গুৰুত্বপূৰ্ণ কথা এই যে আগন্তুক পূজাকেইভাগ সমাপন কৰাৰ বাবে চৰকাৰে বান্ধি দিয়া নীতি নিয়ম আৰু সম্পূৰ্ণ কভি’ড প্ৰ’টকল মানি সমাপন কৰিবলৈও সিদ্ধান্ত গ্ৰহণ কৰা হয়। পূজাৰ আটাইকেইদিনৰ কাৰ্যসূচীত ধৰ্মপৰায়ণ ৰাইজৰ সহায় সহযোগিতা এক প্ৰেছ বিবৃত্তি যোগে কামনা কৰিছে সমিতিৰ নব নিৰ্বাচিত সাধাৰণ সম্পাদক তপন জ্যোতি কলিতাই।

Your Comments