গীতানগৰত ৩ভাতৃৰ আক্ৰমণত গুৰুতৰভাৱে আহত ব্যৱসায়ী

A

নিউজ ডেস্ক :

ড্ৰাগছৰ বাবে গুৱাহাটীত ভয়ংকৰ ঘটনা।তিনি ড্ৰাগছ আসক্তৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত ব্যৱসায়ী ।গীতানগৰৰ মোজাহিদ আলি নামৰ ব্যৱসায়ী গৰাকী সম্প্ৰতি চিকিৎসা ধীন।আক্ৰমণকাৰী ৩টা জিংকুমণি শৰ্মা, জিতুমনি শৰ্মা আৰু অংকুৰ শৰ্মা।উল্লেখযোগ্য যে আক্ৰমণকাৰী তিনিও সম্পৰ্কত ভাতৃ।
 গীতানগৰ কেজিএমটি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ব্যৱসায়ীজনৰ দেহত ৪৪টা চিলাই পৰা বুলি জানিব পৰা গৈছে।

তাপৰ্যপূৰ্ণ কথা এই যে ড্ৰাগছৰ বাবেই আক্ৰমণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।গীতানগৰ থানাত ৰুজু কৰা হৈছে গোচৰটি।দেওবাৰে সন্ধিয়া ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ লোৱাৰ সময়ত আক্ৰমণ কৰে।খবৰ মতে ধনদাবী কৰিছিল ব্যৱসায়ী গৰাকীক।বিচৰা হিচাপত ধন নোপোৱাত দাৰে ঘপিয়ায়।

Your Comments