শিক্ষক দিৱসৰ দিনাই অৱসৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰীক সম্বৰ্ধনা

A

 

নিউজ ডেস্ক:

 শিক্ষক দিৱসৰ আজিৰ এই মহান দিনটোতে কামৰূপ জিলাৰ আমিনগাঁৱৰ সমীপৱৰ্তী পছৰীয়াৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লাৱণ্য ডেকাক আই মাতৃ মণ্ডল সংগঠন ,দদৰা -পছৰীয়াই সম্বৰ্ধনা জনায় ৷ সম্বৰ্ধনা অনুষ্ঠানত শিক্ষয়িত্ৰী গৰাকীক ফুলাম গামোচা , ফুলৰ থোপা আৰু মান পত্ৰ প্ৰদান কৰা হয় ৷ কৃতি শিক্ষয়িত্ৰী ডেকাই বিগত সময়চোৱাত ছাত্ৰ-ছাত্ৰী সকলক সু-শিক্ষাৰে সু-নাগৰিক হিচাপে গঢ় দিবলৈ অহোপুৰুষাৰ্থ কৰাৰ লগতে একোজন স্বাৱলম্বী ব্যক্তি হিচাপেও গঢ়ি তুলিবলৈ যি শ্ৰম তথা ত্যাগ আগবঢ়ালে সেই কৃতজ্ঞতাৰ চিন স্বৰূপে আই মাতৃ মণ্ডল সংগঠন,৮৯ নং দদৰা গাওঁ পঞ্চায়ত আৰু পছৰীয়া গাওঁ পঞ্চায়তৰ সমূহ আই মাতৃ সকলে শিক্ষয়িত্ৰী গৰাকীকক এনেদৰে সম্বৰ্ধনা জ্ঞাপন কৰে। শিক্ষয়িত্ৰী গৰাকীক আগবঢ়োৱা এই সন্মানে সমগ্ৰ দদৰা-পছৰীয়াবাসীকে  গৌৰৱান্বিত কৰি তোলে।B

Your Comments