AJYCP নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা ২০২১ বৰ্ষ ভবেন বৰুৱা বঁটা অভিনেতা নিপন গোস্বামীলৈ

A

নিউজ ডেস্ক:

 

প্ৰত্যেক বৰ্ষৰ দৰে এইবাৰো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ , নলবাৰী জিলা সমিতিয়ে গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰদান কৰে ত্রয়োদশ বাৰ্ষিক ভবেন বৰুৱা বঁটা।বিশিষ্ট অভিনেতা নিপন গোস্বামীক ২০২১ বৰ্ষ ভবেন বৰুৱা বঁটা আগবঢ়ায় সংগঠনটোৱে।শনিবাৰে প্ৰদান কৰা বঁটাত আছে মানপত্ৰ, শৰাই, জাপি, চেলেং,স্মাৰক আৰু নগদ দহ হাজাৰ টকা।

উল্লেখ্য  যে বঁটা প্ৰদান অনুষ্ঠানত  মুখ্য অতিথিৰূপে উপস্থিত থাকে সাংবাদিক নিতুমণি শইকীয়া।বিশিষ্ট অতিথি নৰ্থ-ইষ্ট কেঞ্চাৰ হাস্পতালৰ অধ্যক্ষ গণেশ তামুলী, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা, সাধাৰণ সম্পাদক পলাশ চাংমাই উপস্থিত থাকে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে  ২০০৯ চনৰ পৰা প্ৰদান কৰি আহিছে এই বঁটা।

Your Comments