জেঠায়েকৰ পুত্র আসিক গুপ্তাই হত্যা কৰিছিল ডিম্পলক: উদ্ধাৰ মোবাইল ফোন

A

নিউজ ডেস্ক:


উজানবজাৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ হত্যাকাৰী আৰক্ষীৰ জালত।আছিক গুপ্তাই হত্যা কৰিছিল ভগ্নী ডিম্পল কুমাৱতক।আৰক্ষীৰ আগত স্বীকাৰ কৰে  হত্যাকাৰী আচিকে।১৪ বছৰীয়া কিশোৰী গৰাকীৰ মোবাইল উদ্ধাৰ হৈছে হত্যাকাৰী আচিকৰ বন্ধু চিন্টু দাসৰ ঘৰত।আসিকৰ স্বীকাৰোক্তিৰ  ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰিছে মোবাইলটো।

উল্লেখ্য যে  হত্যাকাৰী আসিক গুপ্তা আছিল ডিম্পলৰ জেঠায়েকৰ পুত্ৰ তথা ককায়েক।ডিম্পলৰ লগত বাক-বিতণ্ডা হৈছিল আৰু তাৰ পাছতে হত্যা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ আচিকৰ।ইফালে আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত হত্যাকাৰীটোৰ ওপৰত।

গুৰুত্বপূৰ্ণ কথা যে বুধবাৰে দিন- দুপৰতে অতি নিৰ্মমভাৱে হত্যা কৰিছিল ডিম্পলক।

Your Comments