গুৱাহাটীত ২.৫কেজি হিৰোইন জব্দ: দুজনক আটক

A

নিউজ ডেস্ক:

মহানগৰীত বৃহৎ পৰিমাণৰ নিষিদ্ধ হিৰোইন জব্দ।ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী AS-01DD-9192 নম্বৰৰ এখন খালি তেল টেংকাৰৰ পৰা জব্দ কৰিছে আৰক্ষীয়ে।মহানগৰীৰ পূৰ্বৰ আৰক্ষী উপ-আয়ুক্ত সুব্ৰজ্যোতি বৰা আৰু যোৰাবাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া নেতৃত্বত চলা অভিযানত জব্দ হয় হিৰোইন খিনি।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ২০৫টা পেকেটত থকা জব্দকৃত হিৰোইনখিনি প্ৰায় ২.৫ কেজি।

খালি টেংকাৰখনৰ টেংকীত লৈ অহা হৈছিল হিৰোইনখিনি।

ইফালে জব্দকৃত হিৰোইনখিনিৰ সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে টেংকাৰখনৰ চালক দীপক সৰকাৰ (৪০) আৰু হেণ্ডিমেন জামিন লালক।B

Your Comments