হত্যাকাৰীক চিনাক্ত আৰু শাস্তিৰ দাবীত ডিম্পলৰ নশ্বৰদেহ লৈ উজানবজাৰত ৰাইজৰ পথ অৱৰোধ

A

নিউজ ডেস্ক :

 

ডিম্পল কুমাৱতৰ হত্যাকাৰীক চিনাক্ত আৰু শাস্তি দাবীৰে উজানবজাৰত প্ৰতিবাদ।নশ্বৰদেহ লগত লৈ স্থানীয় ৰাইজে উজানবজাৰ চাৰিআলিত অৱৰোধ কৰে পথ।ৰাইজৰ দাবী হত্যাকাৰীক শীঘ্ৰে চিনাক্ত কৰি শাস্তি প্ৰদান কৰাৰ লগতে দুৰ্ভগীয়া কিশোৰী গৰাকীৰ পৰিয়ালক ন্যায় দিব লাগে।

উল্লেখ্য যে  বুধবাৰে দিন-দুপৰতে নিৰ্মমভাৱে হত্যা কৰিছিল সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীক ।পিতৃ-মাতৃ দোকানত থকাৰ সুযোগ লৈ দুৰ্বৃত্তই শোৱাকোঠাত হত্যা কৰি পেলাই থৈ যায় ১৪ বছৰীয়া ছাত্ৰী গৰাকীৰ নিথৰদেহ।তেজেৰে লুতুৰী -পুতুৰী অৱস্থাত আত্মীয়ই উদ্ধাৰ কৰিছিল ডিম্পলৰ নিথৰদেহ।

আনহাতে, সমগ্ৰ ঘটনাত জড়িত সন্দেহত আৰক্ষীয়ে জেঠায়েকৰ পুতেক সহ তিনিগৰাকীক আটক কৰিছে।

Your Comments