ডিম্পল হত্যাৰ সন্দেহত জেঠায়েকৰ পুত্ৰ আচিফ গুপ্তাসহ দুই বন্ধুক আটক লতাশিল আৰক্ষীৰ

A

নিউজ ডেস্ক :

উজানবজাৰৰ ১৪বছৰীয়া কিশোৰী  হত্যাৰে জড়িতৰ সন্দেহত ৩ জনক আটক লতাশিল আৰক্ষীৰ।সোধা- পোচৰ বাবে আটক কিশোৰী গৰাকীৰ জেঠায়েকৰ পুত্ৰ আছিফ গুপ্তাৰ দুই বন্ধ জিতু শৰ্মা আৰু কৰণক।ঘটনা সংঘটিত হোৱাৰ ২৪ঘন্টাৰ পাছতো আৰক্ষী তথা তদন্তকাৰী দলে চিনাক্ত কৰিব পৰা নাই হত্যাকাৰীক।

উল্লেখ্য যে বুধবাৰে দিন-দুপৰতে ঘৰত কোনো নথকা অৱস্থা হত্যা কৰিছিল সপ্তম শ্রেণীত অধ্যয়ণৰত কিশোৰী ডিম্পলক।অতি নিৰ্মম ভাৱে হত্যা কৰিছিল দুৰ্বৃত্তই।

ৰাজস্থানত ঘৰ আছিল কিশোৰী গৰাকীৰ।পিতৃ-মাতৃ ৰসৈতে ভাড়া ঘৰত বিগত ১০ বছৰ আছিল গুৱাহাটীত।

আনহাতে, আৰক্ষীয়ে হত্যাকাৰীক বিচাৰি তদন্ত অব্যাহত ৰাখিছে।কম সময়ৰ ভিতৰতে হত্যাকাৰীক চিনাক্ত কৰিব পৰা যাব বুলিও কয় আৰক্ষীয়ে।

ইফালে বৃহস্পতিবাৰে ডিম্পলৰ নশ্বৰ দেহ অনা হয় উজানবজাৰ ভাড়া ঘৰলৈ।শোকাকুল পৰিৱেশত কন্যাক শেষবাৰৰ বাবে চালে পিতৃ -মাতৃয়ে।

Your Comments