আফগানিস্তানৰ ভূতপূৰ্ব তথ্যপ্ৰযুক্তি মন্ত্ৰী এতিয়া হ’লগৈ পিজ্জা ডেলিভাৰী বয়

A

 

নিউজ ডেস্ক: 
ভাগ্যৰ পৰিহাসতেই যেন আফগানিস্তানৰ এসময়ৰ তথ্যপ্ৰযুক্তি মন্ত্ৰী চৈয়দ আহমেদ শ্বাহে বৰ্তমান জাৰ্মানীত কৰ্মৰত হ'ব লগা হৈছে এজন পিজ্জা ডেলিভাৰী বয় হিচাপে। এটা সময়ত চ্যুট-টাই পৰিহিত ব্যক্তিজনে এতিয়া জীয়াই থকাৰ তাড়নাত কমলা ৰঙৰ সাধাৰণ  পোছাক পিন্ধি ঘৰে ঘৰে পিজ্জা ডেলিভাৰী কৰিব লগীয়া হৈছে ৷যেতিয়া আফগানিস্তানত লোকতন্ত্ৰৰ শাসন আছিল তেতিয়া চৈয়দ আহমেদ শ্বাহে ৰজাৰ দৰে আছিল ৷কিন্তু তালিবান অহাৰ পিছতে চৈয়দ শ্বাহে জাৰ্মানীলৈ পলাই আহি পিজ্জা ডেলিভাৰীৰ কাম কৰিবলৈ লয় ৷তেওঁ ২০২০ চনতে আফগানিস্তান এৰি আহিছিল ৷ গুৰুত্বপূৰ্ণ কথা এই যে চৈয়দ শ্বাহ যথেষ্ট প্ৰতিভাবান ব্যক্তি ৷তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা কমিউনিকেশ্যনত মাষ্টাৰ ডিগ্ৰী সম্পন্ন কৰে, লগতে তেওঁ এজন ইলেকট্ৰিকেল ইঞ্জিনীয়াৰো ৷চৈয়দ আহমেদ শ্বাহে  সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে " প্ৰথম অৱস্থাত এই চহৰত  কৰিবলৈ একো কাম পোৱা নাছিলো ,কাৰণ মই  জাৰ্মানী ভাষা জনা নাছিলো ৷পিজ্জা ডেলিভাৰীৰ কাম জাৰ্মান ভাষা শিকিবৰ বাবেই কৰিছো ৷এই কামটোৰ জৰিয়তে মই চহৰৰ বেলেগ বেলেগ ঠাইলৈ গৈ বিভিন্ন লোকক লগ কৰিব পাৰো যাতে আহিবলগীয়া দিনত মই আন কিবা কামত নিজক নিয়োজিত কৰিব পাৰো " ৷

Your Comments