কলা নির্দেশক ফটিক বৰুৱাৰ হেলথ চিটীত শেষ নিশ্বাস ত্যাগ

A

নিউজ ডেস্ক :

গুৱাহাটী হেলথ্‌ চিটী হাস্পতালত চিকিৎসাধীন অৱস্থাত সোমবাৰে ইহলীলা সম্বৰণ কৰে বিশিষ্ট কলা নিৰ্দেশক ফটিক বৰুৱা।এক প্ৰেছ বিবৃতি যোগে এই কথা প্ৰকাশ কৰে হেলথ্‌ চিটীৰ ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই।

প্ৰায় দুবছৰ ধৰি হাঁওফাঁওৰ জটিল কৰ্কট ৰোগত আক্রান্ত হৈ আছিল বৰুৱা।শেহতীয়াকৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত যোৱা ১৯আগষ্টত হেলথ্‌ চিটীত ভৰ্তি কৰোৱা হৈছিল। আইচিইউত চিকিৎসাধীন বৰুৱাক সুস্থ কৰাৰ বাবে চিকিৎসকে আপ্ৰাণ চেষ্টা কৰিও ব্যৰ্থ হয় আৰু সোমবাৰে পুৱা ৯.৪৫বজাত শেষ নিশ্বাস ত্যাগ কৰে। 


উল্লেখ্য যে বিগত এবছৰৰো অধিক কাল হেলথ্‌ চিটীত কেমো থেৰাপী লৈ আছিল। মৃত্যুৰ সময়ত বৰুৱাৰ বয়স হৈছিল ৭০ বছৰ।

Your Comments