হিজবুল মুজাহিদিনত যোগ দিয়া যমুনামুখৰ কামিৰুজ্জামান কানপুৰত গ্ৰেপ্তাৰ, গণেশ চতুৰ্থীত বোমা ফুটাবলৈ আহিছিল

হিজবুল মুজাহিদিনৰ সদস্য যমুনামুখৰ কামিৰুজ্জামান আৰক্ষীৰ জালত পৰিছে ৷ বাতৰি অনুসৰি কামিৰুজক গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশৰ কানপুৰ আৰক্ষীয়ে ৷ গণেশ চতুৰ্থীৰ সময়ত বোমা দিবলৈ আহি আৰক্ষীৰ হাতত ধৰা পৰে বুলি সংবাদ সংস্থাৰ বাতৰিত প্ৰকাশ ৷ হোজাই জিলাৰ যমুনামুখৰ এজন যুৱকে কাশ্মীৰৰ নিষিদ্ধ ঘোষিত সংগঠন হিজবুল মুজাহিদিনত যোগ দিয়া বুলি চলিত বৰ্ষৰ এপ্ৰিল মাহত এক খবৰ ওলাইছিল ৷

এই খবৰে চৌদিশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে অসম আৰক্ষীৰ ভিতৰচৰাত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছিল ৷ যমুনামুখৰ যুৱকজনে হিজবুল মুজাহিদিনত যোগদান কৰা সম্পৰ্কে অসম আৰক্ষীয়ে কোনো নিশ্চিত তথ্য প্ৰকাশ কৰিব পৰা নাই ৷ ঠিক তেনে এক সময়ত উত্তৰ প্ৰদেশ আৰক্ষীয়ে কামিৰুজক আটক কৰি ইমান দিন হৈ থকা উদ্বেগ নিৰসন কৰে নিষিদ্ধ ঘোষিত সংগঠন হিজবুল মুজাহিদিনত যোগদান দিয়া হোজাই জিলাৰ যমুনামুখৰ যুৱকজনৰ নাম হৈছে কমৰউদ্দিন ওৰফে কামিৰ উজ জামান ৷ জিলাখনৰ যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত যমুনামুখ দৈনিক বজাৰৰ বাসিন্দা প্ৰয়াত চাইদুল হুছেইন আৰু চায়ৰা খাতুনৰ তৃতীয় পুত্ৰ ৷  

কামিৰুজ্জামানে হিজবুল মুজাহিদিনত যোগদান কৰা বুলি "হামজা হিজবি" নামৰ এটা ফেচবুক একাউন্টৰ জৰিয়তে চলিত বৰ্ষৰ ৮ এপ্ৰিলত দিয়া এটা পোষ্টৰ জৰিয়তে দাবী কৰা হৈছিল ৷ তেওঁ সংগঠনটোত "ডক্টৰ হুৰাইৰা" নামেৰে পৰিচিত ৷ এই খবৰ কিমান সঁচা সেই সম্পৰ্কে কোনো নিশ্চিত তথ্য কাৰো হাতত নাই ৷ আনকি এই সম্পৰ্কে আৰক্ষী, চোৰাংচোৱাৰ হাততো নাছিল পৰ্যাপ্ত তথ্য ৷ এই সম্পৰ্কে সাংবাদিকে যুৱকজনৰ পৰিয়ালৰ পৰা জানিব বিচৰাত পৰিয়ালৰ লোকে সদৰি কৰা মতে, কামিৰুজ্জামান কৰ্মসূত্ৰে প্ৰায় ১০ পূৰ্বে বছৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্লাউ' দ্বীপত কাম বিচাৰি গৈছিল ৷

তাতে এটা কোম্পানীত কিছু বছৰ কাম কৰিছিল ৷ আমেৰিকাৰ পৰা ঘৰলৈ আহি যুৱকজনে বিয়া পাতে ৷ এটা সন্তানৰ পিতৃ কামিৰুজে পুনৰ আমেৰিকালৈ নগৈ যমুনামুখ বজাৰত মোবাইলৰ দোকান দি ব্যৱসায় আৰম্ভ কৰিছিল ৷ কিন্তু হঠাৎ মোবাইলৰ দোকান বন্ধ কৰি কাপোৰৰ ব্যৱসায় কৰাৰ বাবে ২০১২ চনত আত্মীয়ৰ সৈতে কাশ্মীৰলৈ গুছি যায় ৷ তাৰ পৰা মাজে মাজে ঘৰলৈও আহিছিল ৷ কিন্তু ২০১৭ চনৰ মাজ ভাগৰ পৰা হঠাৎ ঘৰ, পৰিয়ালৰ সৈতে যুৱকজনৰ সম্পৰ্ক ছিন্ন হৈ পৰা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷

আজিৰ পৰা বছৰ দিন পূৰ্বে বিবাহিত এটা সন্তানৰ পিতৃ কামিৰুজ্জামানৰ নিখোঁজ সম্পৰ্কে পৰিয়ালৰ লোকে যমুনামুখ আৰক্ষীৰ লগতে কাশ্মীৰতো গৈ গোচৰ তৰা বুলি দাবী কৰে ৷ অৱশ্যে যমুনামুখ আৰক্ষীয়ে নিখোজ সম্পৰ্কীয় কোনো গোচৰ পৰিয়ালৰ পৰা লাভ কৰা নাই বুলি জনায় ৷ আজি পৰিয়ালৰ লোকে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ আঁত ধৰি কামিৰুজ্জামানক চিনাক্ত কৰে ৷ সম্প্ৰতি কামিৰুজ উত্তৰ প্ৰদেশ আৰক্ষীৰ জিম্মাত ৷

Your Comments