প্ৰদূষণে লাহে লাগে গ্ৰাস কৰিছে সমগ্ৰ পৃথিৱীক

Pink water

প্ৰদূষণৰ মাত্ৰা দিনক দিনে বৃদ্ধি পাইছে পৃথিৱীত ৷ হাজাৰ দুখজনক উদাহৰণেও কমাব পৰা নাই প্ৰদূষণ। প্ৰদূষণৰ ভয়ংকৰ প্ৰভাৱৰ উদাহৰণ আহিল এইবাৰ আৰ্জেণ্টিনাৰ দক্ষিণ পাটোগোনিয়া অঞ্চলৰ কাৰ্ফো নামৰ এটা গভীৰ হ্ৰদৰপৰা ৷ বিশেষজ্ঞ আৰু পৰিৱেশ কৰ্মীসকলৰ মত অনুসৰি ৰাসায়নিক পদাৰ্থৰ বাবে যোৱা সপ্তাহৰপৰা এই হ্ৰদৰ পানীৰ ৰং উজ্জ্বল গুলপীয়া হৈ পৰিছে ।

জানিব পৰা গৈছে, মিছামাছ ৰপ্তানিৰ বাবে সংৰক্ষণ কৰিবলৈ ব্যৱহৃত ৰাসায়নিক উপাদানে হ্ৰদটোৰ পানীৰ ৰং সলনি কৰিছে। স্থানীয় পৰিৱেশ বিজ্ঞানীসকলে কৈছে, স্থানীয় মাছৰ ৰপ্তানিৰ কাৰখানাত এণ্টিবেক্টেৰিয়েল হিচাপে ছডিয়াম ছালফেট ব্যৱহাৰৰ ফলত এই অৱস্থা হৈছে হ্ৰদটোৰ। উল্লেখ্য যে, মাছৰ আৱৰ্জনাত থকা ৰাসায়নিক পদাৰ্থবোৰ আঁতৰাই নেপেলোৱাৰ বাবে হ্ৰদটোৱে এই ৰূপ লৈছে।

মিছামাছ সংৰক্ষণৰ কাৰখানাৰপৰা ওলোৱা ছডিয়াম ছালফেটে স্থানীয় নদ-নদীৰ পানীও প্ৰদূষিত কৰিছে। এই পানী কাৰ্ফো নামৰ হ্ৰদটোৰ লগত সংযোগী গোটেইখিনি পানীৰ ৰং সলনি কৰিছে।

Your Comments