গুৱাহাটীৰ আমবাৰীত সান্ধ্য আইন চলি থকাৰ সময়ত পথ দুৰ্ঘটনা

Accident

ক’ৰ’না পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে গুৱাহাটীত সন্ধিয়া ৫বজাৰপৰা ঘোষণা কৰিছিল সান্ধ্য আইন ৷ আনহাতে Zomato, swiggyৰ খাদ্য ডেলিভাৰী ব্যৱস্থা খোলা ৰাখিছিল ৷ 

সান্ধ্য আইন ভংগ কৰি এখন মাৰুতি ৮০০ গাড়ী সান্ধ্য আইন চলি থকাৰ সময়ত ওলাই আহি গুৱাহাটীৰ মাজমজিয়াৰ আমবাৰীৰ টেক্সটটাইন ইনষ্টিটিউটৰ সন্মুখত প্ৰায় সন্ধিয়া ৭বজাত খাদ্য ডেলিভাৰী দিবলৈ যোৱা এজন ডেলিভাৰী এজেণ্টক খুন্দা মাৰে ৷ ঘটনাস্থলীত ট্ৰেফিক পুলিচ আহি উপস্থিত হৈ সোধপোছ আৰম্ভ কৰিছে ৷

Your Comments