স্মাৰ্ট ফেচ মাস্ক মুকলি কৰিব LGয়ে, থাকিব মাইক্ৰ’ফোন, স্পিকাৰ আৰু বহুতো সুবিধা

LG mask

দক্ষিণ কোৰিয়াৰ প্ৰযুক্তি প্ৰতিষ্ঠান এলজিয়ে মুকলি কৰিবলৈ আগবাঢ়িছে এক স্মাৰ্ট ফেচ মাস্ক ৷ এই মাস্কত থাকিব এটা মাইক আৰু স্পিকাৰ যাতে ব্যৱহাৰকাৰীসকলে মাস্ক নোখোলাকৈয়ে সুন্দৰকৈ কথাৰ আদান-প্ৰদান কৰিব পাৰে। 

উল্লেখ্য যে, এলজিয়ে যোৱা বছৰ পুৰিকেয়াৰ পৰিধানযোগ্য এয়াৰ পিউৰিফায়াৰ মুকলি কৰিছিল ৷ এই এয়াৰ পিউৰিফায়াৰৰ বিটা মডেল বৰ্তমান উন্নত কৰা হৈছে। এই মাস্কে মাইক্ৰ'ফোন আৰু স্পিকাৰ ভইচ অন প্ৰযুক্তিত কাম কৰে । গুৰুত্বপূৰ্ণ যে এই প্ৰযুক্তিয়ে কথা কওঁতে ব্যৱহাৰকাৰীৰ কণ্ঠস্বৰ স্বয়ংক্ৰিয়ভাৱে চিনাক্ত কৰে আৰু শ্ৰোতাই ইন-বিল্ট স্পিকাৰৰ সহায়ত প্ৰতিটো শব্দ সহজে শুনিব পাৰে। কোম্পানীটোৱে জনাইছে যে পুৰিকেয়াৰৰ ডিজাইন অতি পাতল হোৱাৰ বাবে ব্যৱহাৰকাৰীয়ে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ গোটেই দিনটো পিন্ধিব পাৰিব এই মাস্ক।

Your Comments