এলোপেথি চিকিৎসা পদ্ধতি সন্দৰ্ভত তেওঁৰ বাৰেবাৰে আক্রমণাত্মক মন্তব্যৰ ফল। এইবাৰ যোগগুৰু ৰামদেৱক ১০০০ কোটি টকাৰ মানহানিৰ আইনি জাননী পঠিয়ালে ইণ্ডিয়ান মেডিকেল এছোছিয়েশ্যন বা আইএমএ (IMA)য়ে ৷ ভাৰতীয় চিকিৎসকসকলৰ সর্বোচ্চ সংগঠন আইএমএৰ উত্তৰাখণ্ড শাখাৰ তৰফৰপৰা এই জাননী দিয়া হৈছে তেওঁক।
মানহানিৰ জাননীখনত কোৱা হৈছে, ক’ৰ’নাত এলোপেথি চিকিৎসা সন্দৰ্ভত নিজৰ মন্তব্য উঠাই লৈ যদি ৰামদেৱে এটা ভিডিঅ’ পোষ্ট নকৰে আৰু ইয়াৰ লগতে যদি ১৫ দিনৰ ভিতৰত লিখিতভাৱে ক্ষমা নিবিচাৰে তেতিয়া তেওঁৰপৰা ১০০০ কোটি টকা আদায় লোৱা হ’ব।
আইএমএ উত্তৰাখণ্ডৰ সভাপতি চিকিৎসক অজয় খান্নাই জনাইছে,'উত্তৰাখণ্ড চৰকাৰে অবিলম্বে ৰামদেৱৰ বিৰুদ্ধে ব্যৱস্থা লোৱা দৰকাৰ। ইয়াৰ পূৰ্বে স্বাস্থ্যমন্ত্রীয়েও তেওঁক ক্ষমা বিচাৰিবলৈ নির্দেশ দি জাননী প্ৰেৰণ কৰিছিল। কিন্তু তাৰপিছতো কার্যতঃ নিবিচৰাৰ ভঙ্গিতে ক্ষমা বিচাৰি পুনৰ নিজৰ মন্তব্যৰ ব্যাখা দিবলৈ গৈ এলোপেথি চিকিৎসাক অপমান কৰে। মানহানিৰ জাননীৰ লগতেই অতি শীঘ্রে আইএমএৰ পক্ষৰপৰা এফআইআৰ দিয়া হ’ব।'
সম্প্রতি এক অনুষ্ঠানত ৰামদেৱে মন্তব্য কৰে যে, ক’ৰ’নাত লক্ষ লক্ষ মানুহৰ মৃত্যু হৈছে ষ্টুপিড এলোপেথিৰ বাবে। চিকিৎসা পদ্ধতিক 'ভুৱা' বুলিও দাবী কৰে তেওঁ। আৰু ইয়াৰ পিছতে চিকিৎসক সংগঠনৰ ৰোষত পৰে ৰামদেৱ।
- Log in to post comments
- 9 views