কেতিয়া হ'ব ৰাজ্যত খালী পদৰ নিযুক্তি!কি ক'লে বিত্তীয় মন্ত্ৰীয়ে পঢ়ক

AJANTA Neog

ৰাজ্য চৰকাৰৰ সকলো বিভাগত খালী হৈ থকা পদৰ হিচাপ দিবলৈ জাননী বিত্তীয় বিভাগৰ। মঙ্গলবাৰে বিভাগত খালী থকা পদৰ তালিকা বিচাৰি বিত্তীয় বিভাগে জাৰি কৰে জাননী।উল্লেখ্য যে, অহা এটা সপ্তাহৰ ভিতৰত বিভাগক তথ্য দাখিল কৰাৰ নিৰ্দেশ প্ৰদান কৰে বিত্তীয় বিভাগে ৷ এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী অজন্তা নেওগে।

গুৰুত্বপূৰ্ণ কথা, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ১লাখ নিবনুৱাক নিযুক্তি দিয়াৰ কথা ইতিমধ্যে সদনত ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে বিত্তীয় বিভাগে খালী পদৰ হিচাপে বিচাৰিছে বিভাগসমূহক।

বিত্তীয় মন্ত্ৰী অজন্তা নেওগে কয়- 'সুস্থ প্ৰশাসনৰ বাবে বিভাগবোৰত খালী থকা পদসমূহ পূৰণ কৰিব লাগিব।অহা এটা বছৰৰ ভিতৰত নিযুক্তি সমূহ দিয়াৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব'।

মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা মতে সকলো বিভাগৰ পৰা খালী পদৰ হিচাপ বিচৰা হৈছে।গৃহ, স্বাস্থ্য, শিক্ষা বিভাগত অধিক পদ খালী হৈ আছে।

Your Comments