মহামাৰীৰ ক’ভিড-১৯ৰ বিৰুদ্ধে যুজঁ দিবলৈ ৰাজ্যিক বিজেপিয়ে আগবঢ়ালে সাহায্য। মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৰাজ্যিক বিজেপিয়ে বুধবাৰে আগবঢ়াই ১১ লাখ টকাৰ সাহায্য।
ৰাজ্যিক বিজেপি-ৰ সভাপতি ৰঞ্জিত দাস প্ৰমুখ্যে দলৰ শীৰ্ষ নেতৃত্বই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত ডঃ শৰ্মাৰ হাতত অৰ্পণ কৰে ছেক্।
উল্লেখ্য যে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাজ্যবাসীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈ সাহায্য বিচাৰিছিল। ইতিমধ্যে ৰাজ্যিক কৰ্মচাৰী পৰিষদৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে মুখ্যমন্ত্ৰীৰ আহ্বানলৈ পূৰ্ণ সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে।তাৰে অংশ হিচাপে ৰাজ্যিক বিজেপিয়ে আগবঢ়াইছে এই টকা।
- Log in to post comments
- 10 views