বিশ্বত্ৰাস ক'ৰ’না সৃষ্ট সংকটময় পৰিস্থিতিৰে মুখামুখি হ'বলৈ নৱগঠিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰলৈ সাহায্য আগবঢ়ালে সদৌ অসম কৰ্মচাৰী পৰিষদে। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ক’ভিড-১৯ টিকাকৰণলৈ আগবঢ়ালে পৰিষদে এটা দিনৰ দৰমহা।
উল্লেখ্য যে সদৌ অসম কৰ্মচাৰী পৰিষদে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সকলো পৰ্যায়ৰ বিষয়া -কৰ্মচাৰীক ৰেহাই দি অন্য প্ৰতিটো বিভাগৰ প্ৰতি গৰাকী শিক্ষক আৰু বিষয়া-কৰ্মচাৰীৰ ১দিনৰ দৰমহা সাহায্য হিচাপে আগবঢ়াইছে।
পৰিষদৰ এই সিদ্ধান্তক ইতিমধ্যে জিলা কৰ্মচাৰী পৰিষদ আৰু বহুকেইটা শিক্ষক, কৰ্মচাৰী সংগঠনে সমৰ্থন জনাইছে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ সভাপতি প্ৰদীপ দত্ত আৰু ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান শ্যামন্ত দাসে কয়-ক’ৰ’নাৰ দ্বিতীয়টো লহৰে ৰাজ্যত জটিল ৰূপ লোৱাত সাধাৰণ জনতাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু বিষয়া-কৰ্মচাৰীয়ে অকাল মৃত্যুক সাৱটি লৈছে । তেনে পৰিস্থিতিত চৰকাৰে ক’ভিড আক্ৰান্তৰ চিকিৎসাৰ বাবে অতি তৎপৰতাৰে যাৱতীয় ব্যৱস্থা গ্ৰহন কৰিছে। সেয়ে ৰাজ্যৰ প্ৰতি গৰাকী নাগৰিকক ক’ভিড টিকা অনতিপলমে বিনামূলীয়াকৈ দিয়াৰ প্ৰক্ৰিয়া সম্পন্ন কৰি সকলোৰে জীৱন ৰক্ষা কৰিবলৈ চৰকাৰক আহ্বান জনায়।
ইয়াৰ উপৰিও ১৮ৰ পৰা ৪৫ বছৰৰ লোকসকলে অনলাইন পঞ্জীয়ন ব্যৱস্থাৰে টিকাকৰণ কৰিবলৈ দূৰণিবটীয়া স্থানলৈ যাবলগীয়া হোৱাত অত্যধিক খা-খৰচ হৈছে আৰু নিম্ন আয়ৰ লোকৰ বাবে ই অসম্ভৱ হৈ পৰিছে বুলি উল্লেখ কৰি নিজ স্থানৰ ওচৰে-পাজৰে টিকাকৰণ উপলব্ধ কৰাৰ বাবে চৰকাৰক নেতাদ্বয়ে আহ্বান জনায়।
- Log in to post comments
- 19 views