ঝাৰখণ্ডৰ টাটানগৰ ষ্টেচনৰ পৰা ৮০টন অক্সিজেন লৈ অসমত উপস্থিত প্ৰথমখন অক্সিজেন এক্সপ্ৰেছ ৰেল।আমিনগাওঁ ইংলেণ্ড কন্টেইনাৰ ডিপোত দেওবাৰে উপস্থিত হয় বিশেষ ৰেলগাড়ী খন।
উল্লেখ্য যে বিশেষ ৰেলখনত আছে ৪টাকৈ বৃহৎ কন্টেইনাৰ।
গুৰুত্বপূৰ্ণ কথা যে ক’ভিড ৰোগীক অক্সিজেন যোগান ধৰাৰ উদেশ্যেৰে ভাৰতীয় ৰেলৱেৰ 'উম মিছন'ৰ অধীনত সমগ্ৰ দেশজুৰি ১৪,৫০০ মেট্ৰিকটন জুলীয়া মেডিকেল অক্সিজেন লৈ ৮৮৪খন টেংকাৰসহ ২২৪খন অক্সিজেন এক্সপ্ৰেছ ৰেল চলাচল কৰিছিল। তাৰে প্ৰথমখন ৰেল অসমত আহি উপস্থিত হৈছে।
- Log in to post comments
- 11 views