তীব্ৰ বেগেৰে আহি আছে ঘূর্ণি বতাহ 'য়াচ' (YAAS)। সোমবাৰৰপৰাই দুর্যোগ আৰম্ভ হ’ব। মঙ্গলবাৰে মাজভাগৰপৰা প্ৰচণ্ড বৃষ্টিপাত হ’ব। ২৬ মে’ বুধবাৰে স্থলভাগত আহি পাবহি ধুমুহা। এই অবস্থাত আগতীয়া সতর্কমূলক ব্যৱস্থা লৈছে উৰিষ্যা আৰু পশ্চিমবঙ্গই ৷ চৰকাৰৰ ফালৰপৰা প্রস্তুত ৰখা হৈছে শুকান আহাৰ, ত্রিপল। উদ্ধাৰ কার্যৰ বাবে প্ৰস্তুত বিপর্যয় মোকাবিলা বাহিনীও। খোলা হৈছে কন্ট্রোল ৰুম। এই অৱস্থাত একাধিক দূৰণিবটীয়া ট্রেইন বাতিল কৰিলে পূর্ব-উপকূলীয় ৰেলৱে’ই।
হাওৰা-চেন্নাই মুখ্য লাইনত বাতিল কৰা হৈছে অধিকাংশ ট্রেইন। তালিকাত দক্ষিণ-পূর্ব, মধ্য, দক্ষিণ আৰু উত্তৰ-পূর্ব সীমান্ত ৰেলৱেৰো একাধিক ট্রেইনৰ নাম আছে। ঘূর্ণিবতাহৰ আগত মুঠ ৭৪খন ট্রেইন বাতিল কৰা হ’ল। চাই লওক সম্পূৰ্ণ তালিকা;
- Log in to post comments
- 33 views