কেন্দ্ৰৰ নতুন ঘোষণা: কোভাক্সিন প্ৰদান কৰা হ’ব শিশু-কিশোৰকো সোনকালেই

Covaxin

কেন্দ্ৰৰ নতুন ঘোষণা ৷ মঙ্গলবাৰে এখন সংবাদ মেলত নীতি আয়োগৰ স্বাস্থ্য বিভাগৰ সদস্য ডাঃ ভি কে পলে ঘোষণা কৰে যে, ১০-১২ দিনৰ ভিতৰত ২-১৮ বছৰীয়া শিশু আৰু কিশোৰক পৰীক্ষামূলকভাৱে কোভাক্সিন প্ৰদান কৰা হ’ব। পলে জনোৱা অনুসৰি, কোভাক্সিন উৎপাদনকাৰী সংস্থা ভাৰত বায়’টেকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

জানিব পৰা গৈছে যে, যোৱা ফেব্ৰুৱাৰী মাহতে অনুমতি বিচৰাৰ পিছত ১১ মে’ত ড্ৰাগছ কণ্ট্ৰোলাৰ জেনেৰেল অফ্‌ ইণ্ডিয়াই কোভাক্সিন শিশুৰ ওপৰত পৰীক্ষামূলক ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰিছিল। অনুমতি বিচৰাৰ সময়ত সংস্থাটোক কোৱা হৈছিল যে প্ৰথমে প্ৰাপ্তবয়ষ্কৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ কৰি লোৱা হওক।

Your Comments