আজিৰপৰাই বজাৰত DRDOৰ ক’ৰ’নাৰ ঔষধ, প্রকাশ কৰিলে ৰাজনাথ সিঙে

Corona medicine

আজিয়েই বজাৰলৈ আহিছে DRDO-ই প্ৰস্তুত কৰি উলিওৱা ক’ৰ’নাৰ ঔষধ। এন্টি ক’ভিড-১৯ ড্রাগ 2DGৰ ১০ হাজাৰ ডোজ প্ৰস্তুত হৈ গৈছে। আজি সেয়া মুকলি কৰে প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে। মন্ত্রীজনৰ বিভাগে জনাইছিল, সোমবাৰে ৰাতিপুৱা চাৰে ১০বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে 2DG ড্রাগৰ প্রথম বেট্‌ছ প্রকাশ কৰিব তেওঁ। ক’ৰ’নাৰ বিৰুদ্ধে ভাৰতৰ যুঁজত অলপ হ’লেও আশাৰ ৰেঙনি।

Tweet

ডক্টৰ ৰেড্ডিচ লেবৰেটৰী আৰু ডিফেন্স ৰিছার্চ এণ্ড ডেভ্‌লপমেন্ট অ’র্গেনাইজেচনৰ (DRDO) যৌথ উদ্যোগত প্ৰস্তুত হোৱা এই ঔষধৰ নাম টু ডিজি (2-DG) বা টু ডিঅক্সি ডিগ্লুকোজ। জানিবলৈ পোৱা গৈছে, ২ ডিজি ঔষধটো আনবিলাক গ্লুকোজৰ দৰে। পাউডাৰ হিচাপে পোৱা যাব এই ঔষধ। খাব লাগিব পানীত গুলি।

ক্লিনিকেল ট্রায়েলৰ পিছত ড্রাগ কন্ট্রোলাৰ জেনেৰেল অব্‌ ইণ্ডিয়া (DCGI)ই এই ঔষধটোক অনুমতি পত্ৰ দিছে । DRDO ৰ প্ৰাধিকাৰীয়ে জনাইছে,'অহা দিনবোৰত এই ঔষধৰ যোগান বঢ়াবলৈ নিৰলসভাৱে কাম কৰি আছে বিশেষজ্ঞসকলে। DRDO ৰ বিজ্ঞানীসকল মিলি এই ঔষধ উদ্ভাৱন পৰিছে।' ক’ভিডৰ বিৰুদ্ধে যুঁজত এই ঔষধ গেম চেঞ্জাৰ হ’ব বুলিয়ে আশা কৰিছে তেওঁলোকে।

Your Comments