ক'ভিড মহামাৰীয়ে সংকট মাতিছে আজাৰাৰ 'আভা ক্ৰিয়েছন'ৰ হস্ততাঁঁত-বস্ত্ৰশিল্পৰ লগত জড়িত ৫২৩ পৰিয়াললৈ

Pic

"আহক আমি হাতে বোৱা বস্ত্ৰ ব্যৱহাৰ কৰি *শিপিনীৰ হাত সবল কৰো" নীতি গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী*

*বিগত এবছৰৰো অধিক সময় ধৰি বিক্ৰী নোহোৱাকৈ পৰি আছে কোটি টকাৰ হাতে বোৱা কাপোৰ*

#গুৱাহাটী,১৪ মে:

ক'ভিড মহামাৰীয়ে বিশ্বৰ আন আন দেশৰ দৰে ভাৰততো ২০২০ চনৰ মাৰ্চ মাহৰ পৰা বিগত ১৪ মাহ ধৰি স্বাভাৱিক জনজীৱন ব্যাহত কৰিছে । মাজতে যোৱা ডিচেম্বৰ মাহত পৰিস্থিতি কিছু উন্নত  হোৱাত  স্বাভাৱিক জনজীৱন আৰম্ভ হৈছিল । কিন্ত ৬ এপ্ৰিলত নিৰ্বাচন শেষ হোৱাৰ পিছতেই ক'ভিডৰ দ্বিতীয় ঢৌৱে দেশৰ আন ৰাজ্যৰ দৰে অসমকো আক্ৰান্ত কৰে । ইফালে,ক'ভিডৰ গণ সংক্ৰমণ ৰোধৰ বাবে ব'হাগ বিহুৰ পিছতেই ৰাজ্য চৰকাৰে সম্পূৰ্ণ লকডাউন নহ'লেও দুপৰীয়া এক বজাত ব্যৱসায়িক প্ৰতিষ্ঠান আৰু অহা ২৫ মে' পৰ্যন্ত চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধৰ লগতে বিয়লি ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ ১৫ ঘণ্টাৰ সান্ধ্য আইন ঘোষণা কৰা হৈছে । এক কথাত ৰাজ্যত লকডাউন সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । ফলত খাটি খোৱা লোকসকল জীৱন-জীৱিকাৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে।তেনেদৰে পৰ্যটনৰ  সমান্তৰালভাৱে  ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ হস্ততাঁঁত আৰু বস্ত্ৰশিল্প খণ্ডটো।হস্ততাঁঁত আৰু বস্ত্ৰশিল্প খণ্ডটো ক্ষতিগ্ৰস্ত হোৱাত ৰাজ্যৰ লাখ লাখ শিপিনী - শিল্পীৰ জীৱন-জীৱিকালৈ  কাল অমানিশা নামি আহিছে ।

ৰাজ্যৰ আন অঞ্চলটো বাদেই গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা মাটিয়াস্থিত 'আভা ক্ৰিয়েছন' নামৰ হস্ততাঁঁত আৰু বস্ত্ৰশিল্পৰ ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে কাম কৰি অহা সংস্থাটো সাংঘাটিক সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে । এই সন্দৰ্ভত আভা ক্ৰিয়েছনৰ স্বত্বাধিকাৰী আৰু ৰাজ্যৰ হস্ততাত - বস্ত্ৰশিল্পৰ ক্ষেত্ৰখনত প্ৰায় ২২ বছৰ ধৰি কাম কৰি অহা অণুু মণ্ডলে জানিবলৈ দিয়া মতে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিশেষ উদ্যোগত আজাৰা মাটিয়াত ২০১৬ চনত  আবণ্টন পোৱা প্ৰায় এবিঘা মাটিত গৃহ নিৰ্মাণ কৰি হস্ততাঁঁত আৰু বস্ত্ৰশিল্পৰ কাম কাজ আৰম্ভ কৰিছিল । এইক্ষেত্ৰত ৰংমন ট্যুৰিজিম ছ'চাইটিৰ কৰ্মকর্তা প্ৰমোদ কলিতাকে ধৰি বহু শুভাকাংক্ষীযেও প্ৰত্যক্ষ - পৰোক্ষভাৱে সহযোগ আগবঢ়াই আহিছিল । বিগত সময়চোৱাত তেওঁলোকে আজাৰাৰ পৰা কিছু নিলগৰ ৰাণীৰ পৰা চানডুবিৰ সমীপলৈকে অসম মেঘালয় সীমান্তৰ তেৰখন গাঁঁৱৰ অৰণ্যৰ ওপৰত নিৰ্ভৰ কৰি চলা বাসিন্দাসকলক লৈ প্ৰকৃতি সংৰক্ষণৰ বাবে সজাগতা সৃষ্টিৰ কাম আৰম্ভ কৰে । সমান্তৰালভাৱে গাঁও কেইখনৰ ৯০ শতাংশ মহিলা আৰু ১০ শতাংশ পুৰুষক লগত লৈ এৰি,মুগাকে ধৰি ১০০ শতাংশ প্ৰাকৃতিক সম্পদৰ পৰা সৃষ্টি কৰা সামগ্ৰীৰ পৰা হস্ততাঁঁত আৰু বস্ত্ৰশিল্পৰ কাম আৰম্ভ কৰিছিল । গাঁওকেইখনৰ ৫২৩ টা পৰিয়াল বৰ্তমান আভা ক্ৰিয়েছনৰ সৈতে জড়িত হৈ আছে । কিন্তু বিগত বৰ্ষত মাৰ্চ মাহৰ পৰা চলি থকা ক'ভিড কেন্দ্ৰীক পৰিস্থিতিয়ে তেওঁলোকক বাৰুকৈয়ে মাধমাৰ সোধাইছে । যাৰ বাবে শিপিনীসকলে কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা কাপোৰকে ধৰি হস্ততাঁঁত আৰু বস্ত্ৰশিল্পৰ সামগ্ৰী সমূহ ক্রেতা বা বজাৰৰ অভাৱত বিক্ৰী নোহোৱাকৈ পৰি আছে । যাৰ পৰিমাণ প্ৰায় ডেৰ কোটি টকা হ'ব ।

Pic

ইতিমধ্যে তেওঁ স্বামী তথা উদ্যোগী ব্যক্তি অৰূপ বৈশ্যৰ সহযোগত বিগত বৰ্ষৰ  লকডাউনৰ পূৰ্বে  উৎপাদিত কাপোৰ ৰাষ্ট্ৰীয় - আন্তঃৰাষ্ট্ৰীয় বজাৰত বিপণন কৰিবলৈ সক্ষম হৈছিল । আনকি এইক্ষেত্ৰত এমাজন, ই টি এছ ওৱাই আদি ডিজিটেল আৰু অনলাইন  মাৰ্কেটিং প্ৰতিষ্ঠানৰ সহায় লোৱা হৈছিল । কিন্তু ক'ভিড পৰিস্থিতিৰ বাবে সকলো স্তব্ধ হৈ পৰে । অণু মণ্ডলে সদৰি কৰা অনুসৰি ৰাজ্য চৰকাৰে যদি 'আহক আমি হাতে বোৱা বস্ত্ৰ ব্যৱহাৰ কৰি শিপিনীৰ হাত সবল কৰো' নীতি গ্ৰহণ কৰি সকলো  চিকিৎসালয়,স্বাস্থ্যকেন্দ্ৰ,সকলো চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান,শিক্ষানুষ্ঠানসমূহত ৰাজ্যৰ থলুৱা শিপিনীয়ে উৎপাদন কৰা কাপোৰ ক্ৰয় কৰি ব্যৱহাৰ কৰে,তেন্তে এই হস্ততাঁঁত আৰু বস্ত্ৰশিল্প খণ্ডটো অন্তত: কিবাকৈ জীয়াই থাকিব।অন্যথা ৰাজ্যৰ সমাজ-সংস্কৃতিৰ লগতো ওতঃপ্ৰোত সম্পৰ্ক থকা খণ্ডটো মৃত্যুৰ মুখলৈ গতি কৰাটো নিশ্চিত ।

Your Comments