"এআইইউডিএফৰে মিত্ৰতা কৰি কংগ্ৰেছ দলে বিজেপিৰ জয়ত সহায় কৰিলে"-এজেপি সভাপতি লুৰীণজ্যোতি গগৈ

Pic

'দল গঠন হোৱাৰ এশ দিনৰ ভিতৰত প্ৰায় ৭লাখ জনতাই অসম জাতীয় পৰিষক আঁকোৱালি লোৱাটো শুভ লক্ষণ।ঘোষিত ৰাজ্যৰ বিধানসভাৰ নির্বাচনত দলে আসন লাভ কৰা নাই যদিও জনতাৰ আদৰ বুটলিবলৈ সক্ষম হ'ল।অতি কঠিন আৰু বৃহৎ প্ৰত্যাহ্বানেৰে আগন্তক নির্বাচনত অৱতীৰ্ণ হৈ ৰাইজৰ মৰম,আদৰ আৰু সহযোগিতাই এজেপিক আগন্তুক দিনবোৰত অধিক শক্তিশালী কৰি তুলিব'- সদ্যঘোষিত বিধানসভা নির্বাচনৰ ফলাফল সন্দৰ্ভত এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ।

"স্বাভিমানী,আপোচহীন,অসমৰ জাতীয় ৰাজনৈতিক সংগ্রামৰ আহ্বানত জন্ম হোৱা এজেপিয়ে সাম্প্ৰদায়িক আৰু সৰ্বভাৰতীয় দলৰ পৰা সমদূৰত্বত অৱস্থান কৰা ঘোষিত নীতিৰে নির্বাচনী যুঁজত নামিছিল।যাত্ৰা পথ কঠিন আছিল,কিন্তু তাৰ মাজত ইমান কম সময়ৰ ভিতৰত জনতাই এজেপিক দিয়া মৰম আৰু সহযোগিতাই ভৱিষ্যতৰ দিনত যুঁঁজ দিয়াৰ প্ৰেৰণা যোগাব"-দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি লুৰীনে এইদৰে কয়।

কংগ্ৰেছ মিত্ৰজোঁটে সাম্প্ৰদায়িক এআইইউডিএফৰ সৈতে মিত্ৰতা কৰি বিজেপিক জয়ৰ পথ সহজ কৰি দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সভাপতিগৰাকীয়ে।

"নির্বাচনত দলৰ পৰাজয় সন্দৰ্ভত পৰ্যালোচনা কৰা হ'ব।ভুল-ক্ৰুটী আলোচনাৰ জৰিয়তে সমাধান কৰি আগন্তক নির্বাচনসমূহলৈ সাজু হ'ব এজেপি"-সংবাদমেলত এই কথা কয় লুৰীণে।

আনহাতে,'ৰাইজৰ দল'ৰ বিজয়ী সভাপতি অখিল গগৈক শুভেচ্ছা জনাই লুৰীণে কয়- 'বিধানসভাৰ মজিয়াত বলিষ্ঠ কণ্ঠ হৈ জাতিৰ পক্ষত ভূমিকা গ্ৰহণ কৰিব।'

ইফালে দুই-এদিনতে এজেপিৰ নেতৃত্বই জিএমচিএইচত গগৈক সাক্ষাৎ কৰি শুভেচ্ছা জনাব বুলি জানিবলৈ দিয়ে।

সংবাদমেলত এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা উপস্থিত থাকি কয়-"আগন্তক সময়ত সেই সকল ৰাইজৰ ওচৰলৈ এজেপিৰ নীতি-আদৰ্শ লৈ যোৱা হ'ব,যিসকল ৰাইজৰ কাষলৈ আমি বৰ্তমানলৈ যাব পৰা নাই।পাঁচখন জিলা কামৰূপ গ্রাম্য,তিনিচুকীয়া, মৰিগাঁও,ধেমাজি, ডিব্ৰুগড়ত এজেপিৰ পক্ষত ১২-১৬শতাংশ ভোট আহিছে।দলৰ বাবে ই এটা শুভ লক্ষণ।"

Your Comments