৫মে’ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ১৮-৪৪ বছৰৰ সাংবাদিকক প্ৰদান কৰা হ’ব ভেক্চিন। অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি ১০০ জন সাংবাদিককহে প্ৰথম পৰ্যায়ত দিয়া হ’ব ভেক্চিন। পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব টিকাকৰণ কাৰ্যসূচী।
যিসকল সাংবাদিক/ ফটো সাংবাদিক/ভিডিঅ’ জাৰ্ণালিষ্টে বিভিন্ন স্থানলৈ গৈ বা-বাতৰি সংগ্ৰহ কৰিছে, সেইসকলক এই টিকাকৰণ কাৰ্যসূচীত প্ৰাধান্য দিয়া হ’ব। সেয়েহে গুৱাহাটী প্ৰেছ ক্লাবে প্ৰতিটো সংবাদ প্ৰতিষ্ঠানক দুজনকৈ সাংবাদিক নিৰ্বাচন কৰি প্ৰাৰম্ভিক পৰ্যায়ৰ টিকাকৰণৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাইছে।
উল্লেখ্য যে, ভেক্চিনৰ বাবে নিৰ্বাচিত প্ৰতিজন সাংবাদিকে CoWin বা আৰোগ্য সেতু এপত পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। পঞ্জীয়নৰ ক্ৰমিক নম্বৰটো ছএমএছ যোগে প্ৰেৰণ কৰিব লাগিব গুৱাহাটী প্ৰেছ ক্লাবৰ ৬০২৬৬৭২৮১৭ নম্বৰলৈ। ইয়াৰোপৰি, প্ৰতিজন সাংবাদিকে ভেক্চিন গ্ৰহণৰ বাবে যাওঁতে লগত লৈ যাব লাগিব পৰিচয় পত্ৰ, বয়সৰ প্ৰমাণ পত্ৰ ।
- Log in to post comments
- 14 views