তেজপুৰস্থিত শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকনলজীৰ সামাজিক উন্নয়ন গোট 'সহযোগ'ৰ উদ্যোগত আজি এখন এদিনীয়া আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায় । প্ৰতিষ্ঠানখনৰ চেমিনাৰ হলত অনুষ্ঠিত আলোচনাচক্ৰখনৰ মূল বিষয় আছিল — Ideal youth, Personality, Values in life.
তেজপুৰ ব্ৰহ্মকুমাৰীৰ সহযোগত আয়োজন কৰা এই আলোচনাচক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে প্ৰজাপতি ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ মূখ্য কাৰ্য্যালয়ৰ পৰা অহা ৰাজযোগী বি কে হেমন্ত । অনুষ্ঠানৰ আৰম্ভণিতে প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ড˚ বুলজিৎ বুঢ়াগোঁহায়ে ৰাজযোগী বি কে হেমন্তক ফুলাম গামোছাৰে আদৰণি জনায় ।
বি কে হেমন্তই বৰ্তমান সময়ত যুৱসমাজৰ মাজত বাঢ়ি অহা ঋণাত্মক ভাৱধাৰা, অৱসাদ , দু:চিন্তা, ইত্যাদিৰপৰা মুক্তি লাভ কৰাৰ উপায় সম্পৰ্কত দীঘলীয়া বক্তব্য আগবঢ়ায় । ব্যক্তিৰ ব্যক্তিত্বৰ উন্নীতকৰণত আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কতো বক্তব্য প্ৰদান কৰে ।
ইয়াৰোপৰি তেখেতে ব্যক্তি বিশেষৰ মনোযোগিতা, ইচ্ছা শক্তি, স্মৃতি শক্তি, মানসিক শক্তি বৃদ্ধি সম্পৰ্কত বিভিন্ন উপায় সম্পৰ্কেও বাখ্যা আগবঢ়ায়| লগতে বিভিন্ন উদ্গনিমূলক কাহিনী আৰু ব্যক্তিগত অভিজ্ঞতাৰ কথা উল্লেখ কৰি উপস্থিতসকলক অনুপ্ৰেৰণা যোগাবলৈ এক দীঘলীয়া বক্তব্য আগবঢ়ায় । সামগ্ৰিকভাৱে ক'বলৈ গ'লে এক সুন্দৰঅাৰু মনোগ্ৰাহী অনুষ্ঠানৰ সাক্ষী হ'বলৈ পায় প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থী আৰু শিক্ষক সমাজ । পৰৱৰ্তী সময়তো জি আই এম টি তেজপুৰে এনেধৰণৰ আলোচনাচক্ৰ অনুষ্ঠিত কৰিবলৈ আগ্ৰহী বুলি আশা প্ৰকাশ কৰে ।
- Log in to post comments
- 54 views