ক'ৰ'না ভাইৰাচ প্ৰতিৰোধৰ বাবে চৰকাৰে মঙলবাৰে ঘোষণা কৰা নিৰ্দেশনাৰ আংশিক শুধৰণি।হোটেল-ৰেস্তোঁঁৰা,ৰিজ'ৰ্টৰ বাবে সামান্য শিথিলতা।ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই জাননীৰ জৰিয়তে ঘোষণা কৰিছে এই কথা।
ৰেষ্টুৰেণ্ট,ধাবা,খাদ্য বিপনীসমূহ সন্ধিয়া ৬বজাৰ পিছতো খোলা থাকিব।কিন্তু বহি খোৱাৰ অনুমতি নাথাকিব।হোম ডেলিভাৰী বা ঘৰলৈ লৈ যাব পাৰিব।
ৰেষ্টুৰাঁঁ,হোটেল,ৰিজ'ৰ্ট বাহিৰা লোকৰ বাবে সন্ধিয়া ৬বজালৈকে মুকলি কৰিব পাৰিব।কিন্তু হোটেল বা ৰিজ'ৰ্টত অতিথি থাকিলে খাদ্য যোগানৰ অনুমতি থাকিব।
অত্যাৱশ্যকীয় সামগ্ৰী,ই-কমাৰ্চ ব্যৱস্থা ৬বজাৰ পিছতো চলি থাকিব।
শীতলকৃত ভঁৰাল,ৱেৰহাউচ ৬ বজাৰ পিছতো চলি থাকিব।কিন্তু বিক্ৰী কাউণ্টাৰ,শ্ব-ৰূম যদি শীতলীকৃত ভঁৰাল বা ৱেৰহাউচৰ লগত থাকে তেন্তে ৬বজাত বন্ধ কৰিব লাগিব।
ফাৰ্মাচী, চিকিৎসালয়, এনিমেল কেয়াৰ চেণ্টাৰ,পশু চিকিৎসালয় চলি থাকিব কোনো বাধ্যবাধকতা নথকাকৈ।
উল্লেখ যে ৩০ এপ্ৰিললৈ ৰাজ্যত ক'ভিড প্ৰতিৰোধৰ বাবে চৰকাৰ জাৰি কৰিছে নতুন নিৰ্দেশনা।
- Log in to post comments
- 14 views