ক’ভিডৰ দ্বিতীয় ঢৌৱে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া ভয়াবহ ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে জিলাখনৰ বিভিন্ন স্থানত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ইতিমধ্যে ক’ভিড-১৯অৰ ভেক্চিন লোৱাৰ পিছতো এগৰাকী চিকিৎসক ক’ভিডত আক্ৰান্ত হোৱাৰ বাতৰিয়ে জোঁকাৰিছে নগাঁৱৰ লগতে দেশৰ সকলো স্তৰৰ জনসাধাৰণক ৷
আজি মঙলবাৰে নগাঁৱৰ কচুৱা মডেল হাস্পতালৰ ইনচাৰ্জ ডাঃ প্ৰদীপ কুমাৰ বৰাৰ দেহত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰে ৷ কিন্তু ইতিপূৰ্বে ডাঃ বৰাই দুটাকৈ ক’ভিড ভেক্চিন লৈছে যদিও ভেক্চিনৰ দুটা ড’জ লোৱাৰ পিছতো ক’ভিডত আক্ৰান্ত হোৱা বুলি সদৰি কৰিছে চিকিৎসকগৰাকীয়ে । ক’ভিড ভেক্চিন লোৱাৰ পিছতো চিকিৎসকগৰাকী ক’ভিড পজিটিভ হোৱাত এতিয়া সাধাৰণ জনতা চিন্তাত পৰিছে ৷
আনহাতেদি, কচুৱা চিকিৎসালয়ত কৰা ৰেপিড এণ্টিজেন টেষ্টত নাৰায়ণ মল্লিক নামৰ আন এজন ব্যক্তিৰো ফলাফল পজিটিভ আহিছে ৷ বৰ্তমান চিকিৎসক প্ৰদীপ কুমাৰ বৰা হোম কোৱাৰেণ্টীনত আৰু আনজন ৰোগী নগাঁৱৰ ক’ভিড চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ তদুপৰি আজি বাতৰি লিখাৰ পৰলৈকে নগাঁৱৰ হাতীচোং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ৭জন ব্যক্তিৰ দেহত ধৰা পৰিছে ক’ভিড ১৯অৰ উপস্থিতি।
- Log in to post comments
- 16 views