ভাৰত চৰকাৰে এই পৰ্যন্ত ব্যাপক আকাৰত লক্ডাউন দিয়াৰ কোনো ইঙ্গিত দিয়া নাই। কিছুদিন পূৰ্বে অর্থমন্ত্রী নির্মলা সীতাৰমনে এই সন্দৰ্ভত চৰকাৰৰ মনোভাৱ জনাই দিছিলে। যদিও তাৰপিছৰপৰাই ক্রমশঃ ক’ভিড পৰিস্থিতি বেয়াৰ দিশে আগবাঢ়িছে দেশত।
অৱশ্য লক্ডাউনৰ ইঙ্গিত পোৱা গৈছিল। কিন্তু সেয়া সৰু আকাৰত। যিদৰে জিলা স্তৰত হ’ব পাৰে। 'লক্ডাউন'ক পোনপটীয়াকৈ 'লক্ডাউন'বুলি নকৈ অন্য কোনো নামতো ইয়াক জাৰি কৰা হ’ব পাৰে বিভিন্ন ৰাজ্যত। কিন্তু এটা কথা পৰিষ্কাৰ আছিল, দেশ জুৰি কঠোৰ লক্ডাউন আৰু নহয়।
কেন্দ্রীয় অর্থমন্ত্রী নির্মলা সীতাৰমনে বিগত সপ্তাহতেই কৈছিল, ক’ভিড মহামাৰীৰ দ্বিতীয় ঢৌ আহিলেও, কেন্দ্রীয় চৰকাৰৰ স্পষ্ট নীতি, ব্যাপক আকাৰৰ লক্ডাউন নহয়। তেওঁৰ যুক্তি অনুসৰি চৰকাৰে কোনো কাৰণতে অর্থনীতিৰ চকা সম্পূৰ্ণ বন্ধ কৰি দিবলৈ বিচৰা নাই।
যদিও তেওঁৰ এই মন্তব্যৰ পিছত যোৱা এক সপ্তাহত পৰিস্থিতিৰ যথেষ্ট অৱনতি হৈছে। সোমবাৰে ৰাতিপুৱা ৮বজা পর্যন্ত তার ২৪ ঘণ্টাত ক’ভিড আক্রান্ত হৈছে ২ লাখ ৭৩ হাজাৰৰো অধিক মানুহ! মৃত্যু হৈছে ১৬১৯ জনৰ। এক সপ্তাহ পূৰ্বে এই সংখ্যা আছিল ইয়াৰ প্ৰায় আধা ।
যদিও কেন্দ্রীয় স্বাস্থ্যসচিবে যোৱা ৩০ মার্চত ৰাজ্যসমূহক ক’ভিড ভাইৰাছৰ 'চেইন অফ্ ট্রান্সমিচন' ৰখাবলৈ কমপক্ষেও ১৪ দিনৰ 'কন্টেইনমেন্ট জোন' জৰুৰী বুলি জনাই দিছিলে। আৰু তাৰপিছত স্বাস্থ্যমন্ত্রী হর্ষবর্ধনে বিপজ্জনক পৰিস্থিতিত থকা ৰাজ্যসমূহৰ স্বাস্থ্যমন্ত্রীসকলৰ সৈতে বৈঠকত মিলিত হৈছে আৰু তেওঁলোকক পৰামর্শ দিয়ে।
উল্লেখ্য, নতুন ধৰণেৰে পৰিকল্পনা কৰা এই কন্টেইনমেন্ট জোন এখন সম্পূৰ্ণ জিলাত হ’ব পাৰে, হ’ব পাৰে চহৰ জুৰিও!
- Log in to post comments
- 21 views