দেশৰ দুই টিকা প্ৰস্তুতকাৰী সংস্থাক ৪৫০০ কোটি টকাৰ ঋণ দিছে কেন্দ্ৰই

Covid vaccine

দেশৰ দুই টিকা সংস্থা ছেৰাম ইনষ্টিটিউট আৰু ভাৰত বায়’টেকক ৪৫০০ কোটি টকাৰ ঋণ দিব কেন্দ্রই। দেশত টিকা উৎপাদন বৃদ্ধি কৰাতো এই মুহূর্তত সকলোতকৈ জৰুৰী. সেই দিশলৈ লক্ষ্য ৰাখিয়েই ক’ৰ’না টিকা প্রক্রিয়া দ্ৰুত কৰিবলৈ দুই সংস্থাক ঋণ দিয়াৰ সিদ্ধান্ত কেন্দ্রৰ। ইয়াৰ ভিতৰত ৩০০০ কোটি ঋণ দিয়া হৈছে আদৰ পুনাৱালাৰ সংস্থা ছেৰাম ইনষ্টিটিউটক। এই সংস্থাই কোভাক্সিন টিকা উৎপাদন কৰে। আনহাতে, ভাৰত বয়’টেক, যি কোভিশ্বিল্ড উৎপাদন কৰে, তেওঁলোকক ১৫০০ কোটি টকা দিয়া হ’ব ঋণৰ বাবদ।

Covid vaccine

ক’ৰ’নাৰ দ্বিতীয় ঢৌ যেতিয়া দেশজুৰি বিয়পি পৰিছে, তেতিয়াই দেশত টিকাৰ আকালে সমাজৰ বিভিন্ন স্তৰত চিন্তা বঢ়াইছে। একাধিক ৰাজ্যৰপৰা বাৰেবাৰে কেন্দ্রক দোষাৰোপ কৰা হৈছে ৷ ইয়াৰোপৰি ভেক্‌চিনৰ নাটনিৰ ফলত বন্ধ ৰখা হৈছে টিকাকৰণ কেন্দ্রসমূহ। এনে সময়ত দেশৰ দুই সংস্থাক ঋণৰ অনুমতিয়ে টিকা উৎপাদন বৃদ্ধি কৰাত সহায় কৰিব।

ছেৰাম ইনষ্টিটিউটৰ তৰফৰপৰা জনোৱা হৈছে, সংস্থাৰ প্রধান আদৰ পুনাৱালাই বহুদিন পূৰ্বেই কেন্দ্রীয় চৰকাৰৰ ওচৰত ৩০০০ কোটিৰ ঋণৰ বাবে আবেদন জনাইছিল। তেওঁৰ যুক্তি আছিল,  টিকা উৎপাদনৰ ক্ষমতা বঢ়াবলৈ গ’লে  প্রচুৰ পৰিমাণৰ অর্থৰ প্রয়োজন। কেন্দ্রই সেই অর্থ সাহায্য কৰিলে ছেৰাম ইনষ্টিটিউটে উৎপাদনৰ পৰিকাঠামো প্ৰস্তুত কৰিব পাৰিব। ৩০০০ কোটি টকাত ১০ কোটিৰো অধিক টিকা উৎপাদন কৰা সম্ভৱ হ’ব।

Your Comments