১৮ বছৰৰপৰা ল’ব পাৰিব ক’ভিড-১৯ ভেক্‌চিন, জনালে কেন্দ্ৰই

Vaccine

১৮ বছৰৰপৰা ল’ব পাৰিব ক’ভিড ভেক্‌চিন, জনালে কেন্দ্রই। ইমানদিনে, ৪৫ বছৰৰ ঊর্ধ্বৰ লোক সকলৰ বাবে কেৱল মুকলি কৰা হৈছিল ভেক্‌চিন। এইবাৰ, নতুন প্রজন্মকো দিয়া হ’ব ভেক্‌চিন।

Covid vaccine

বিশেষজ্ঞসকলে বাৰেবাৰে জনাইছিল, ক’ৰ’নাৰ ডাব্‌ল মিউটেন্টৰ পিছত সকলোতকৈ অধিক ক্ষতি কৰিছে নতুন প্রজন্মক। সমীক্ষা অনুসৰি ক’ৰ’নাত আক্ৰান্ত হৈছে মূলতঃ ১৫ ৰপৰা ৪৫ বছৰ বয়সীয়া লোক সকল। আনহাতে, ৰেহাই পোৱা নাই সদ্যোজাত শিশুৱেও। দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালে বহুদিন ধৰি কেন্দ্রৰ ওচৰত আবেদন কৰি আহিছিল যাতে ১৮ বছৰৰ পিছৰপৰাই ভেক্‌চিন দিয়া হয়। সেই পথেৰেই বাট বুলিছে এইবাৰ কেন্দ্রই।

কেৱল কেজৰিৱাল নহয়, একাধিক গৱেষকে পর্যালোচনা কৰি জনাইছিল, যিমান সোনকালে সম্ভৱ জেনেৰেচন ৱায়াৰ ভেক্‌চিন প্রক্রিয়া আৰম্ভ কৰাৰ প্রয়োজনীয়তা আহি পৰিছে।  

Vaccination

ইয়াৰ বিপৰীতে দেশ জুৰি ভেক্‌চিনৰ আকাল আৰম্ভ হৈছে। বহু ক্ষেত্রত প্রথম ডোজ পোৱাৰ পিছত দ্বিতীয় ডোজ পাবলৈ ঘুৰি ফুৰিব লগা হৈছে বহুলোক। এইবাৰ প্রথম ডোজৰ বাবেও তাৰিখ পাবলৈ কঠিন হৈছে। ভেক্‌চিন কেন্দ্রত সোধপোছ কৰিলে তেওঁলোকে জনাইছে, পর্যাপ্ত ভেক্‌চিন নাই। উল্লেখ্য, যিসকলৰ ১৮ বছৰৰ ঊর্ধ্বৰ বয়স, তেওঁলোকে  মে’ মাহৰ ১ তাৰিখৰপৰা গ্ৰহণ কৰিব পাৰিব ভেক্‌চিন।  

Your Comments