ব্যাপক ক'ৰ'না সংক্ৰমণ:দিল্লীত ৬ দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা

Pic

ব্যাপক ক'ৰ'না সংক্ৰমণৰ মাজতে আজি দিল্লীত ৬ দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰে মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে।

কেজৰিৱালে উল্লেখ কৰে যে দিল্লীৰ স্বাস্থ্য ব্যৱস্থা ভাঙি পৰাটো প্ৰতিহত কৰিবলৈ,চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

দিল্লীত দ্ৰুত গতিত বৃদ্ধি হৈছে ক'ভিড আক্রান্তৰ সংখ্যা।আইচিইউ বেড,অক্সিজেনৰ নাটনি হৈছে ৰাজ্যখনত।তাৰ পৰিপ্ৰেক্ষিতত লকডাউন ঘোষণা কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে ঘৰতে থকাৰ বাবে আহ্বান জনায়।লগতে,দিল্লীত কৰ্মৰত বৰ্হিৰাজ্যৰ শ্ৰমিকসকলক হাতযোৰ কৰি দিল্লী এৰি অন্য ঠাইলৈ নাযাবলৈ আহ্বান জনায়।চৰকাৰে শ্ৰমিকক সকলো সুবিধা প্ৰদান কৰিব বুলি কেজৰিৱালে আশ্বাস প্ৰদান কৰে।

কেজৰিৱালে মন্তব্য কৰে-'লকডাউন আৰোপ কৰি ক'ৰ'না শেষ কৰাটো সম্ভৱ নহয়।কিন্তু সংক্ৰমণ ৰোধ কৰাৰ বাবে অনিচ্ছা স্বত্বেও কঠিন সিদ্ধান্ত লোৱা হৈছে।'

ক'ৰ'না পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ দিল্লীত আজি ৰাতিৰ পৰা ২৬ এপ্ৰিল,সোমবাৰৰ পুৱা ৫ বজালৈ সম্পূৰ্ণ ৬ দিনীয়া লকডাউন ঘোষণা কৰা হৈছে।

 

Your Comments