*ৰাষ্ট্ৰীয় লকডাউন জাৰি কৰাতো একপ্ৰকাৰ নুই কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে*
সম্প্ৰতি দেশৰ বিভিন্ন প্ৰান্তৰত ক'ৰ'না ভাইৰাছৰ ব্যাপক সংক্ৰমণ ঘটিছে।যাৰ বাবে একাংশ ৰাজ্যই মিনি লকডাউন বা নৈশ সান্ধ্য আইনৰ দৰে নিষেধাজ্ঞা আৰোপ কৰিছে।কিন্তু পৰিস্থিতি গুৰুতৰ হৈ অহাৰ লগে লগে ৰাষ্ট্ৰীয় লকডাউন আৰোপ কৰাৰ প্ৰশ্নটোও উত্থাপন হৈছে।কিন্তু,কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় লকডাউন কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰাৰ বিষয়টো একপ্ৰকাৰ নুই কৰিছে।তেওঁ কৈছে যে কেন্দ্ৰই এতিয়া ৰাজ্যসমূহক ক'ৰ'না নিষেধাজ্ঞা প্ৰদান কৰাৰ ক্ষমতা প্ৰদান কৰিছে।একাংশ ৰাজ্য চৰকাৰে এই সন্দৰ্ভত ইতিমধ্যে নিজাকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এক সাক্ষাৎকাৰত অমিত শ্বাহে কয়, "যোৱা ৩ মাহ ধৰি আমি ৰাজ্যসমূহক প্ৰতিবন্ধকতা আৰোপ কৰাৰ ক্ষমতা প্ৰদান কৰিছোঁ,কিয়নো প্ৰতিখন ৰাজ্যত ক'ৰ'না পৰিস্থিতি একে নহয়।গতিকে,ৰাজ্য চৰকাৰসমূহে তেওঁলোকৰ পৰিস্থিতি অনুসৰি সিদ্ধান্ত ল'ব লাগিব।"
অমিত শ্বাহে কয় যে যেতিয়া প্ৰথমবাৰৰ বাবে লকডাউন আৰম্ভ হৈছিল,দেশৰ স্বাস্থ্য আন্তঃগাঁথনি অতি দুৰ্বল আছিল।হাস্পতালৰ বিচনা,ক'ৰ'না পৰীক্ষা,অক্সিজেনকে ধৰি বহুতো সুবিধা নাছিল।অৱশ্যে,এতিয়া কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সহায়ত যথেষ্ট প্ৰস্তুতি কৰা হৈছে।
শ্বাহে পুনৰ উল্লেখ কৰে যে ক'ৰ'নাৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰতিখন ৰাজ্য চৰকাৰে তেওঁলোকৰ ৰাজ্যসমূহৰ পৰিস্থিতি অনুসৰি নিজে সিদ্ধান্ত ল'ব লাগিব আৰু কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক সম্পূৰ্ণ সহায় আগবঢ়াব।
- Log in to post comments
- 27 views