ক’ৰ’নাৰ দ্বিতীয় ঢৌত দেশৰ বিভিন্ন প্ৰান্তৰ পৰিস্থিতি জানো আহক

Maharastra

দ্বিতীয় ঢৌত ক’ৰ’না সংক্রমণত জর্জৰিত মহাৰাষ্ট্র। মঙ্গলবাৰে মুখ্যমন্ত্রী উদ্ধৱ ঠাকৰেয়ে ৰাজ্যত ১৫ দিনৰ কার্ফিউ ঘোষণা কৰিছে। বুধবাৰে ৰাতি ৮বজাৰপৰা আৰম্ভ হয় কার্ফিউ। বৰ্তমান ১ মে' ৰাতিপুৱা ৭ বজাত এই কার্ফিউ শেষ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

Corona situation

ইয়াৰ লগে লগে লক্‌ডাউনৰ পথৰপৰা আঁতৰা নাই মধ্যপ্রদেশো। মধ্যপ্ৰদেশ চৰকাৰে একেই বিধি-নিষেধ বলবৎ কৰি তাক ক’ৰ’না কার্ফিউ হিচাপে জাৰি কৰিছে। ৰাজ্যৰ ইন্দোৰ আৰু ভোপাল এই দুই চহৰত মহাৰাষ্ট্রৰপৰা অহা যাত্রীসকলৰ বাবে আৰটি-পিচিআৰ টেষ্ট বাঞ্ছনীয় কৰিছে ৷

Corona situation

সাপ্তাহিক কার্ফিউ চলিছে দিল্লীতো। বাটপথ নিমাওমাও। বন্ধ দোকান-বজাৰ। বৃহস্পতিবাৰে মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে ৰাজধানীত সাপ্তাহিক কার্ফিউ ঘোষণা কৰিছে। শুক্রবাৰে ৰাতি ১০বজাৰপৰা সোমবাৰে ৰাতিপুৱা ৬বজা পর্যন্ত চলিব কার্ফিউ।

Corona situation

সাপ্তাহিক কার্ফিউ চলিছে ৰাজস্থানতো। মুখ্যমন্ত্রী অশোক গেহলতে শুক্রবাৰে সন্ধিয়া ৬ বজাৰপৰা সোমবাৰে ৰাতিপুৱা ৫ বজা পর্যন্ত কার্ফিউ ঘোষণা কৰিছে ৷

Corona situation

চণ্ডীগড়ত সাপ্তাহিক লক্‌ডাউন চলিছে। সদাব্যস্ত বাটপথৰ নিমাওমাও ছবিয়ে সোঁৱৰাই দিছে যোৱা লক্‌ডাউনৰ স্মৃতি। শুক্রবাৰে ৰাতি ১০ বজাৰপৰা সোমবাৰে পুৱা ৫ বজা পর্যন্ত এই লক্‌ডাউন ঘোষণা কৰিছে চণ্ডীগড় প্রশাসনে।

Corona situation

বাৰাণসীৰ চিত্রখন অৱশ্য অলপ বেলেগ। চৰকাৰী গাড়ীৰপৰা পানী ভৰাবলৈ জমা হোৱা দেখা গ’ল মানুহৰ মাজত।  কাৰোৰে মুখত নাই মাস্ক। ১৮ এপ্রিল দেওবাৰে সমগ্ৰ উত্তৰপ্রদেশ জুৰি লক্‌ডাউন ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে। কেৱল পয়ঃপ্রণালী সংক্রান্তীয় কাম, চেনিটাইজেচন আৰু জৰুৰী পৰিসেৱা সমূহ অব্যাহত থাকিব বুলি জনাইছিল প্রশাসনে।

Corona situation

ক’ৰ’নাক বাধা দিবলৈ পদক্ষেপ আগবঢ়াইছে কর্ণাটকেও ৷ শ শ ৰোগী ভৰ্তি হৈছে চিকিৎসালয়ত। পৰিস্থিতি সম্ভালিবলৈ যুঁজি আছে চিকিৎসালয় সমূহে। ৰাজধানী বেঙ্গালুৰু সহ মহিষূৰ, মাঙ্গালুৰু, কালবুর্গি, বিদাৰ, টুমকুৰ, উদাপি আৰু মণিপালত ৰাতি ১০ বজাৰপৰা পুৱা ৫ বজা পর্যন্ত চলিছে নাইট কার্ফিউ।

Corona situation

যোৱা লক্‌ডাউনত দেশজুৰি প্ৰব্ৰজনকাৰী শ্রমিকসকলৰ দুর্দশা দেখিছিল সমগ্ৰ দেশবাসীয়ে। উত্তৰপ্রদেশ জুৰি লক্‌ডাউনৰ ফলত পুনৰ ৰাজ্য এৰিছে প্ৰব্ৰজনকাৰী শ্রমিকসকলে। মহাৰাষ্ট্র বা কেৰেলাৰপৰা আহিব লগা সকলো যাত্রীৰ বাবে যাত্রাৰ ৭২ ঘণ্টা পূৰ্বে RT-PCR পৰীক্ষা বাধ্যতামূলক কৰিছে উত্তৰপ্রদেশ চৰকাৰে।

Your Comments