ক'ৰ'নাৰ দ্বিতীয়টো ঢৌৰ দ্বাৰা ইতিমধ্যে প্ৰভাৱিত দেশসমূহৰ পৰা শিক্ষা গ্ৰহণ কৰি ভাৰতে সাম্প্ৰতিক ক'ৰ'না সংকট ভালদৰে নিয়ন্ত্ৰণ কৰিব পাৰিলেহেঁতেন- ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে এইবুলি মন্তব্য কৰিছে।এটা ব্যক্তিগত খণ্ডৰ ছেটেলাইট চেনেলে আয়োজন কৰা এখন সন্মিলনত দেওবাৰে ভাষণ প্ৰদান কৰি তেওঁ বিদেশত নিৰ্মিত ভেকছিন ভাৰতত ব্যৱহাৰৰ অনুমোদন দ্ৰুত গতিত প্ৰদানৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে।
"দ্বিতীয়টো ঢৌত সংক্ৰমণৰ সংখ্যা দ্ৰুতগতিত বাঢ়িছে। বৃদ্ধসকলৰ উপৰিও, কোভিদত আক্ৰান্ত হোৱা যুৱক-যুৱতীসকলো মৃত্যুমুখত পৰিছে।এইটো এতিয়া এটা ডাঙৰ চিন্তাৰ বিষয়। আমি আন দেশৰ পৰা শিকিব লাগিছিল। দিল্লীত বহি থকা লোকসকলে এইটো চাব লাগিছিল আৰু জনসাধাৰণক পথ প্ৰদৰ্শন দিব লাগিছিল"-বাঘেলে লগতে উল্লেখ কৰে।
- Log in to post comments
- 24 views