মূৰ্গীৰ বজাৰত কৰ’নাৰ দ্বিতীয় ঢৌৰ প্ৰভাৱ! হোৰাহোৰে হ্ৰাস পাইছে মূৰ্গীৰ দাম

Chicken farm

দেশত দ্ৰুতগতিত বাঢ়িছে কৰ’নাৰ সংক্ৰমণ। কোৰোণাৰ দ্বিতীয় ঢৌৱে সম্প্ৰতি জটিল ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে দেশৰ মাংসৰ বজাৰখনতো পৰিছে কৰ’নাৰ প্ৰাদুৰ্ভাৱৰ বিৰূপ প্ৰভাৱ। 

বিগত এসপ্তাহত মুৰ্গীৰ মাংসৰ দামৰ পতন আৰম্ভ হৈছে। ঠায়েঠায়ে গোটা মাংসৰ দাম ৩০ টকা আৰু কটা মাংসৰ দাম প্ৰতি কেজিত ৪০ টকা পৰ্যন্ত হ্ৰাস পাইছে। কিছুদিন পূৰ্বে মুৰ্গীৰ মাংসৰ দামে আকাশ চুইছিল যদিও গাজিপুৰৰ মুৰ্গীৰ মাংসৰ দাম এতিয়া বহুখিনি হ্ৰাস পাইছে।

গাজিপুৰৰ মণ্ডিৰ পৰা প্ৰতিদিনে ৫ লাখ মুৰ্গী পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশলৈ চালান দিয়া হয় ৷ মুৰ্গীৰ মাংসৰ বিক্ৰেতাই জনোৱা মতে, গাজিপুৰৰ বেলেগ বেলেগ স্থানত মুৰ্গী মাংসৰ দাম ১৬০ টকা, ১৮০ টকা, ২০০ টকা প্ৰতি কেজিত বিক্ৰী হৈছে। যোৱা দেওবাৰে গোটা মুৰ্গীৰ দাম আছিল ঠাইবিশেষে ৯৫ টকাৰ পৰা ১১৫ টকা। সেইদৰে কটা মুৰ্গীৰ দাম আছিল ২০০ টকাৰ পৰা ২২০ টকা পৰ্যন্ত। কিন্তু কোৰোণাৰ সংক্ৰমণ বৃদ্ধিৰ লগে লগে প্ৰতি কেজি মুৰ্গীৰ দাম ৮৫ টকালৈ হ্ৰাস পাইছে ৷

Your Comments